বহুভাষিক চলচ্চিত্র জগতত অসমৰ উদীয়মান পৰিচালক – চিৰঞ্জীৱ বৰদলৈৰ সফলতা
গুৱাহাটী ,২৮ এপ্ৰিল : বর্তমান সময়ত ভাষা আৰু প্লেটফৰ্মৰ প্ৰসাৰৰ সৈতে গল্প কোৱাৰ ক্ষেত্ৰখনতো দ্রুতগতিত পৰিবৰ্তন হোৱা দেখা গৈছে । এই পৰিপ্ৰেক্ষিতত অসমৰ উদীয়মান লেখক – গল্পকাৰ , চলচ্চিত্ৰ পৰিচালক – চিৰঞ্জীৱ বৰদলৈয়ে ভাৰতীয় চলচ্চিত্র জগতৰ এজন উদীয়মান প্ৰতিশ্রুতিসম্পন্ন বহুভাষিক পৰিচালক হিচাপে পৰিগণিত হৈছে। হিন্দী, বঙালী আৰু অসমীয়া চলচ্চিত্র উদ্যোগত সমানে সমানে প্ৰতিভা প্ৰদৰ্শনৰে তেওঁ বহুভাষিক পৰিচালক – হিচাপে সুনাম অৰ্জন কৰিছে। বৰদলৈয়ে শেহতীয়াকৈ সমালোচনামূলক স্বীকৃতি লাভ কৰে বঙালী পূর্ণদৈর্ঘ্যৰ ছবি “এই ৰাত তোমাৰ আমাৰ”ৰ জৰিয়তে। এচ ভি এফ এণ্টাৰটেইনমেণ্ট আৰু হৈছয় ষ্টুডিঅৰ প্ৰযোজনাত নির্মিত এই ছবিখনত প্ৰখ্যাত অভিনেতা – অভিনেত্ৰী অপর্ণা সেন আৰু অমন দত্তে মুখ্য চৰিত্ৰৰ ভূমিকাত অভিনয় কৰিছে । ছবিখনে দুমাহতকৈ অধিক দিন ধৰি প্ৰেক্ষাগৃহত প্রদর্শিত হৈছিল আৰু সমালোচনামূলকৰ লগতে বাণিজ্যিক দুয়ো দিশতেই সফলতা অর্জন কৰে। এই ছবিখনৰ বাবে চিৰজীৱ বৰদলৈয়ে জি ২৪ ঘণ্টা বিনোদিনী চেৰাত শ্রেষ্ঠ কাহিনীৰ বাবে সম্মান লাভ কৰে। ইয়াৰ লগতে ছবিখনে বিভিন্ন শাখাত একাধিক মনোনয়নো লাভ কৰে। বৰদলৈৰ অন্যতম বৈশিষ্ট্য হৈছে বিভিন্ন ভাষা আৰু সাংস্কৃতিক পৰিসৰত সমান দক্ষতাৰে কাম কৰাৰ ক্ষমতা। হিন্দী , বঙালী আৰু অসমীয়া চলচ্চিত্ৰত তেওঁৰ অৱদান আঞ্চলিক কাহিনী কোৱাৰ ধাৰাক স্বাভাবিকতে সমৃদ্ধ কৰিছে। তেওঁৰ কাহিনীবোৰত গভীৰ চৰিত্ৰ নিৰ্মাণ, বাস্তৱধর্মী উপস্থাপন আৰু স্বতন্ত্র কণ্ঠস্বৰ লক্ষ্য কৰা যায় । যিয়ে দৰ্শকৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে । ভাৰতীয় চলচ্চিত্র জগতত ভাষাগত সীমা ক্রমশঃ ক্ষীণ হৈ অহাৰ সময়তে চিৰজীৱ বৰদলৈৰ দৰে পৰিচালকৰ এই পৰিবৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আঞ্চলিক চলচ্চিত্ৰৰ সফলতাৰ পৰা ৰাষ্ট্ৰীয় পৰিসৰলৈ তেওঁৰ উত্তৰণক তেওঁৰ ভৱিষ্যতৰ সম্ভাৱনাক স্পষ্টভাৱে প্ৰতিফলিত কৰিছে।