এপল’ হস্পিটেলছ গুৱাহাটীত অত্যাধুনিক কেথ লেব মুকলি – উত্তৰ-পূব ভাৰতত হৃদৰোগ চিকিৎসাক নতুন শক্তি প্রদান

0

গুৱাহাটী, অসম – ২৫ এপ্রিল: এপল’ হস্পিটেলছ গুৱাহাটীয়ে হাস্পতালৰ প্ৰাঙ্গণত আধুনিকীকৰণ কৰা অত্যাধুনিক কেথ লেব আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উদ্যোগে উত্তৰ-পূব ভাৰতত উন্নত হৃদৰোগ চিকিৎসাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ সংকেত দিয়ে। এই সংযোজনে অভিনৱ প্ৰযুক্তি আৰু উন্নত মানৰ ৰোগীসেৱা প্ৰদানৰ প্ৰতি হাস্পতালখনৰ দৃঢ় প্রতিশ্রুতি পুনৰ প্ৰতিপন্ন কৰে।

সংবাদমেলত এপল’ হস্পিটেলছ গুৱাহাটীৰ জ্যেষ্ঠ হৃদৰোগ বিশেষজ্ঞ ডাঃ ঋতুপর্ণ বৰুৱা (MD, DM, FACC, FSCAI, Fellow in Electrophysiology, Fuwai Beijing), ডাঃ দিব্য জ্যোতি দত্ত (MD, DM, FACC), ডাঃ চন্দ্ৰ কুমাৰ দাস (MD, DM), ডাঃ চন্দ্ৰ প্ৰকাশ ঠাকুৰ (MD, DM) আৰু আন আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। বিশেষজ্ঞসকলে উন্নত ইমেজিং প্রযুক্তি, নিখুঁত ইণ্টাৰভেনশ্যন পদ্ধতি আৰু নতুন কেথ লেবৰ ফলত ৰোগীৰ উন্নত পৰিণামৰ বিষয়ে মূল্যৱান তথ্য প্রদান কৰে।

কেথ লেবত ব্যৱহাৰ কৰা ফিলিপছ এজুৰিঅন 7M20 (PHILIPS Azurion 7M20) এক উন্নত ইণ্টাৰভেনশ্যনেল ডিজিটেল এক্স-ৰে (X-Ray) আৰু এঞ্জিঅ’গ্ৰাফি পদ্ধতি, যি হৃদৰোগ সম্পৰ্কীয় জটিল প্রক্রিয়াসমূহত নিখুঁততা, দক্ষতা আৰু সুৰক্ষা সুনিশ্চিত কৰে। এই পদ্ধতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াৰ দ্বাৰা বিকিৰণৰ (Radiation) মাত্রা ৬০ শতাংশলৈকে হ্রাস কৰিব পৰা যায়। লগতে উন্নত 3D ইমেজিং আৰু ডায়নামিক কৰোনাৰি ৰোডমেপ প্ৰযুক্তিৰ সংযোজনে উচ্চমানৰ নিখুঁততা নিশ্চিত কৰিছে।
কেছৰ জটিলতাৰ ওপৰত নিৰ্ভৰ কৰি, কেথ লেবটো উচ্চ পৰিমাণৰ প্ৰক্ৰিয়া দক্ষভাৱে সম্পন্ন কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। ইয়াৰ জৰিয়তে ৰোগীয়ে দ্রুত আৰোগ্য লাভ কৰে, প্ৰক্ৰিয়াৰ বিপদাশংকা কমে, কম আঘাতকাৰী চিকিৎসা পায় আৰু উন্নত ইমেজিং প্ৰযুক্তিৰ সহায়ত অধিক সঠিক নির্ণয় সম্ভৱ হয়।

এপল’ হস্পিটেলছ গুৱাহাটীৰ হৃদৰোগ বিভাগ অঞ্চলৰ শীৰ্ষস্থানীয় হৃদৰোগ বিশেষজ্ঞ আৰু উন্নত আন্তঃগাঁথনিৰে সুদৃঢ়ভাৱে প্রতিষ্ঠিত। বিভাগটোৱে এঞ্জিঅ’প্লাষ্টি, ডিভাইছ ইমপ্লান্টেশ্যন আৰু হৃদস্পন্দনৰ বিসংগতি নিৰ্ণয়ৰ বাবে ইলেক্ট্রফিজিঅ’লজি (ইপি) অধ্যয়নকে ধৰি বিস্তৃত ডায়গনষ্টিক আৰু ইন্টাৰভেনশ্যনেল সেৱা প্ৰদান কৰে।

বিগত এবছৰতে বিভাগটোৱে ১,৫০০ৰো অধিক হৃদৰোগ সম্পৰ্কীয় প্রক্রিয়া সম্পন্ন কৰিছে আৰু মৃত্যুৰ হাৰ ২% তলত বজাই ৰাখিবলৈ সক্ষম হৈছে। এই বিভাগে অঞ্চলটোত সাধাৰণৰ পৰা অতি জটিল সকলো হৃদৰোগৰ ক্ষেত্ৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

Leave A Reply

Your email address will not be published.