মণিপুৰী নৃত্যত চি চি আৰ টিৰ বৃত্তি লাভ সঞ্জনা দেৱীৰ

গুৱাহাটী, ২৪ এপ্রিল : গুৱাহাটীৰ কাহিলীপাৰা নিবাসী যুৱ নৃত্যশিল্পী সঞ্জনা দেৱীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰ্যালয়ৰ অধীনস্থ স্বায়ত্তশাসিত প্রতিষ্ঠান সংস্কৃতি আৰু সম্পদ প্রশিক্ষণ কেন্দ্র (চি চি আৰ টি)ৰ সংস্কৃতি প্রতিভা অনুসন্ধান আঁচনি ২০২৫-২৬ৰ মণিপুৰী নৃত্যত বৃত্তিৰ বাবে নিৰ্বাচিত হৈছে। তেওঁ গুৱাহাটীৰ ডনবস্ক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। উল্লেখযোগ্য যে সঞ্জনাই একে সময়তে টাইকানদো ব্লেক বেল্টৰ ফাষ্ট ডানৰ শিক্ষাৰ্থী হিচাপেও ক্ৰীড়া জগতত সুনাম অৰ্জন কৰিছে। তেওঁ কৰুণা দেৱী আৰু বিপুল সিংহৰ অধীনত গুৱাহাটীৰ পল্টন বজাৰৰ মণিপুৰীবস্তিস্থিত কৰুণা ডান্স একাডেমী নামৰ প্ৰতিষ্ঠানখনত নৃত্য প্রশিক্ষণ গ্রহণ কৰি আছে। তেওঁ মহানগৰ আৰক্ষীত সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে কৰ্মৰত সত্যেন্দ্ৰ সিং হাজাৰী আৰু সাংস্কৃতিক কৰ্মী নীতা দেৱীৰ একমাত্ৰ কন্যা। সঞ্জনাৰ এই সাফল্যই বিদ্যালয়, পৰিয়াল আৰু সমগ্র অঞ্চলটোক স্বাভাবিকতে আনন্দিত কৰিছে আৰু তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছে।