পহিলা বহাগত সাতজন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা শ্ৰীনগৰ সাহিত্য সভাৰ

0

গুৱাহাটী , ১৯ এপ্ৰিল : পহিলা ব’হাগত ৰাজ্যজুৰি অসম সাহিত্য সভাই “নিজৰদিন” পালন কৰে । আনহাতে অসম সাহিত্য সভাৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী মহানগৰীৰ শ্রীনগৰ সাহিত্য সভাৰ তৰফৰপৰা ৭ গৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তি ক্ৰমে – কল্প ডেকা , ৰুণু শইকীয়া , ডঃ অণিমা বৰা , কাঞ্চন দেৱী , হিমানী দেৱী বৰদলৈ , অণিমা কলিতা লহকৰ আৰু সতীশ ওজাক তেওঁলোকৰ বাসগৃহত গৈ সম্বৰ্ধনা জনোৱা হয়। শ্ৰীনগৰ সাহিত্য সভাৰ সভাপতি নৱ কুমাৰ মজুমদাৰৰ নেতৃত্বত সম্পাদক ববিতা বৈশ্য লহকৰ, উপ সভাপতি নীতা লহকৰ তালুকদাৰ , সহকাৰী সম্পাদক পল্লবী বৰফুকনে প্ৰতিজনকে ফুলাম গামোচা, কিতাপৰ টোপোলা ,থুৰীয়া তামোল আৰু অসম সাহিত্য সভাই প্ৰেৰণ কৰা ওলগণি পত্র প্ৰদান কৰি সম্বৰ্ধনা জনোৱাৰ লগতে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.