বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন

গুৱাহাটী ,১১ ফেব্ৰুৱাৰী :; অগ্নিদগ্ধ ৰোগীৰ নানাধৰণৰ সমস্যাসমূহ, ৰোগীৰ ফলপ্ৰসু চিকিৎসাৰ ফলত হোৱা পৰিবৰ্তন সমূহ আৰু জুয়ে পোৰা আঘাতৰ প্ৰতিৰোধ আৰু প্ৰাথমিক সাহায্যৰ বিষয়ে সৰ্বসাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ সামাজিক গোট বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনে ২০১৫ চনৰে পৰা প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত বাৰ্ণ কেয়াৰ ডে উদযাপন কৰি আহিছে। ইয়াৰ অংশ হিচাপে আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আৰম্ভ হৈছে বাৰ্ণ কেয়াৰ ডে। বুধ বাৰে শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ শ্ৰী শ্ৰীমাধবদের আন্তৰ্জাতিক প্রেক্ষাগৃহত ‘বাৰ্ণ কেয়াৰ ডে’ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । এই উপলক্ষে বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ সভাপতি ডাঃ হিতেশ বৰুৱাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ফাউণ্ডেশ্যনৰ সম্পাদক, বিশিষ্ট বার্ণ চার্জন ডাঃ ভূপেন্দ্র প্রসাদ শর্মাই শ্রব্য-দৃশ্য মাধ্যমেৰে অগ্নিদগ্ধ ৰোগীৰ সমস্যা, নতুন চিকিৎসা প্ৰয়োগৰ ফলত হোৱা ৰোগীৰ উন্নতি আৰু ফাউণ্ডেশ্যনে ইতিমধ্যে কৰি অহা জনহিতকৰ কাম সমূহৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত কেইবাজনো আৰোগ্য হোৱা অগ্নিদগ্ধ ৰোগীয়ে ভাগ লৈ নিজৰ অভিজ্ঞতা বর্ণনা কৰে। অনুষ্ঠানত নেপালৰ কাঠমাণ্ডুৰ বিশিষ্ট প্লাষ্টিক চাৰ্জন ডাঃ শঙ্কৰ ৰায় আৰু ডাঃ কিৰণ কে নাকামীয়েও বাৰ্ণ কেয়াৰ ফাউণ্ডেছনৰ কামৰ শলাগ লয়। অনুষ্ঠানত নেমকেয়াৰ বাৰ্ণ ইউনিটৰ কাৰ্যালয়ৰ বিষয়া অচিন্ত দাস, নাৰ্ছৰ সহায়িকা মীনাক্ষি বড়ো আৰু ক্লিনাৰ নন্দিকলা জানকীক উৎকৃষ্ট সেৱা বঁটা আগবঢ়োৱা হয়। অনুষ্ঠানত মুখ্য অতিথি বক্তা হিচাপে থকা মুম্বাইৰ শেঠজি এচ মেডিকেল কলেজৰ প্লাষ্টিক চাৰ্জাৰী আৰু বাৰ্ণৰ অধ্যাপিকা ডাঃ বিনীতা পুৰীয়ে জুয়ে পোৰা আঘাতৰ প্ৰাথমিক সাহায্য আৰু দুর্ঘটনা প্ৰতিৰোধৰ বিষয়ে বক্তৃতা দিয়ে। উল্লেখ্য যে এইবেলি বাৰ্ণ কেয়াৰ ডেৰ বিশেষ আকর্ষণ অছিল অগ্নিদগ্ধ ৰোগীৰ বিভিন্ন সমস্যাক লৈ প্ৰস্তুত কৰা চুটি অসমীয়া ছবি ‘অগ্নিস্নাতা’ৰ উন্মোচন। অনুষ্ঠানত ডাঃ ভূপেন্দ্ৰ প্ৰসাদ শৰ্মাৰ প্ৰযোজনাত, স্মিতা বৰ্মনে পৰিচালনা কৰা ছবিখন প্ৰদৰ্শন কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই
নেমকেয়াৰ হাস্পতালৰ বিশ্বজিত শৰ্মাই । শলাগৰ শৰাই আগবঢ়ায়। উল্লেখ্য যে ১২ ফেব্ৰুৱাৰীৰ দিনা গড়চুকৰ পলাশ বনত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হব।