অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ গ্ৰন্থ উন্মোচন

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : অসম অসামৰিক সেৱাৰ বিষয়া সংগীতা শইকীয়াৰ ৰচিত গ্ৰন্থ “As Life Moves On” ৩০ জানুৱাৰীৰ দিনা সন্ধিয়া গুৱাহাটীৰ বিষ্ণু নিৰ্মলা শিশু পুথিভঁৰালত এক সাহিত্যিক অনুষ্ঠানত উন্মোচন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ গ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান ডঃ কুলধৰ শইকীয়াই । অনুষ্ঠানত যুৱ সাহিত্যিক চেইখ আল আহমেদ, নীলোৎপল গোঁহাই আৰু ঋত্বিকা ফুকন উপস্থিত আছিল।
অনুষ্ঠানটোত সাহিত্য, জীৱনৰ অভিজ্ঞতা, আৰু লেখাৰ মাধ্যমত আত্ম-অনুসন্ধান লাভৰ বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। উল্লেখ্য যে “As Life Moves On” এখন মননশীল সাহিত্যকৰ্ম । য’ত জীৱনৰ পৰিবৰ্তন, মানসিক দৃঢ়তা, আৰু দৈনন্দিন জীৱনত লুকাই থকা নিঃশব্দ কাহিনী বৰ্ণনা কৰা হৈছে। অন্তৰ্দৃষ্টিপূৰ্ণ বৰ্ণনাৰ জৰিয়তে সংগীতা শইকীয়াই পাঠকক ব্যক্তিগত যদিও সৰ্বজনীনভাৱে অনুভৱযোগ্য এক বিকাশ, সহনশীলতা আৰু আত্ম-উপলব্ধিৰ যাত্ৰালৈ লৈ যায়।