টপচেম চিমেণ্টে সৈন্যবাহিনীৰ প্ৰবীণ সৈনিকক স্বয়ংক্ৰিয় মেডিকেল বেড প্ৰদান কৰে

গুৱাহাটী, ১৩ অক্টোবৰ ২০২৫: সামাজিক দায়বদ্ধতাৰ প্ৰতি আগ্ৰহান্বিত প্ৰতিশ্ৰুতিৰ অংশ হিচাপে টপচেম চিমেণ্ট ব্ৰেণ্ডটোৱে হেড কোৱাৰ্টাৰ (HQ) ৫১ চাব এৰিয়া , নাৰেঙ্গীৰ সহযোগত সৈন্যবাহিনীৰ প্ৰবীণ সৈনিকসকলক পাঁচখন অত্যাধুনিক স্বয়ংক্ৰিয় মেডিকেল বেড প্ৰদান কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে তেওঁলোকৰ সক্ৰিয় কৰ্তব্যৰ সময়ছোৱাত স্থায়ী বিপদৰ বাবে নিশ্চল হোৱা প্ৰবীণ সৈনিকসকলক সমৰ্থন কৰা।
উন্নত চিকিৎসা সম্বলিত এই বেডবোৰে বেকৰেষ্ট আৰু লেগৰেষ্টৰ স্থিতি,হাই – ল’ উচ্চতাৰ কাৰ্য্য,ট্ৰেণ্ডেলেনবাৰ্গ আৰু ৰিভাৰ্ছ টিল্ট ক্ষমতা কলাপছিবোল চাইড ৰেইল, কেন্দ্ৰীয় ল’ক কৰা কেষ্টাৰ আৰু নিৰ্ভৰযোগ্য বেটেৰী বেকআপ ব্যৱস্থাৰ বাবে শক্তিশালী ৰদবদল প্ৰদান কৰে। এই বিশেষ বৈশিষ্ট্যবোৰে ৰোগীৰ সুৰক্ষা, আৰাম আৰু দৈনন্দিন যত্নৰ সহজলভ্যতা বৰ্ধিত কৰে।
টপচেম চিমেণ্টৰ বিক্ৰী আৰু বিপণনৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড০ অনিল কাপুৰে মত প্ৰকাশ কৰি কয়, ” আমি বিগত বৰ্ষসমূহত কেইবাটাও জনসমাজৰ মাজত উল্লেখযোগ্য বিভিন্ন সামাজিক দায়বদ্ধতাৰ পদক্ষেপ গ্ৰহণ কৰিছো। কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰ প্ৰতিৰক্ষা বাহিনীৰ সৈতে এনে প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছো। এই পদক্ষেপৰ জৰিয়তে আমি এক উচ্চতম অৰিহণা যোগাবলৈ পোৱা সুবিধাৰ বাবে সন্মানিত অনুভৱ কৰিছো আৰু সমান্তৰালভাৱে দেশৰ হকে সেৱা আগবঢ়োৱা সৈন্যবাহিনীৰ লোকক সেৱা কৰিবলৈ আমাক দিয়া সুবিধাৰ বাবে আমি কৃতজ্ঞতা জনালোঁ।”
এই সহযোগিতাই কেবল প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ সৈতে টপচেম চিমেণ্টৰ প্ৰথম অংশীদাৰিত্বক চিহ্নিত কৰাটোৱেই নহয়, দেশৰ বাবে অপৰিসীম ত্যাগ কৰা সকলক সমৰ্থন কৰা তথা সমৰ্থিত কোম্পানীটোৰ অটল আস্থা আৰু নিষ্ঠাকো প্ৰতিফলিত কৰে। টপচেম চিমেণ্ট সৰ্বদায় সৰ্বাধিক শক্তিশালী জনসমাজ গঠন কৰি তোলাত অৰিহণা আগবঢ়োৱা অৰ্থপূৰ্ণ সামাজিক হস্তক্ষেপ আৰু অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধ।