স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন আশীষ কুমাৰ চৌহানৰ
সমগ্র দেশে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা মূহুর্ত্বত দেশৰ প্ৰত্যেক জন নাগৰিকক উদ্দেশ্যি শুভেচ্ছা জ্ঞাপন কৰিছে এন এছ ইৰ চি ই অ ‘আশীষ কুমাৰ চৌহানে। এক শুভেচ্ছা বাৰ্তাত তেখেতে কয় যে জাতিৰ উন্নতি আৰু উন্নত ভৱিষ্যতৰ স্বাৰ্থত মাৰ বান্ধি থিয় হ’ম। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে স্বাধীনতা দিবসৰ প্ৰাকক্ষণত এন এছ ই মুখ্য কাৰ্যালয়ত ত্ৰিৰংগাৰ ৰঙেৰে আলোকিত কৰা হৈছিল।বিনিয়োগৰ ক্ষেত্রখনত ২০২০ চনৰ বিত্তীয় বৰ্ষত ২১ নং স্থানৰ পৰা ২০২৫ চনৰ জুলাই মাহলৈ ১৬ নং স্থানলৈ বৃদ্ধি পাইছে। এই ক্ষেত্রত মহিলা বিনিয়োগকাৰী অংশগ্রহণ ২৯়.৭শতাংশ। মহিলাৰ অংশীদাৰীত্ব বৃদ্ধি পোৱা ৰাজ্যকেইখনৰ ভিতৰত আছে গোৱা, মিজোৰাম, চণ্ডীগড়, দিল্লী, চিকিৎসা। বাহিৰৰ বিনিয়োগকাৰীয়ে দখল কৰা ৰাজ্যকেইখনৰ ভিতৰত অসম, উৰিষ্যা, ছত্তিশগড় অন্যতম। আনহাতে ২০২৫ চনৰ জুলাই মাহলৈ শীর্ষত থকা ৰাজ্য কেইখন হল মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গুজৰাট।