ৰ’দালি শতদল শাখা , গোৱালপাৰা সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশন সম্পন্ন

0

নগেন তলুকদাৰ , নলবাৰী : নলবাৰী জিলাৰ ৰ‘দালি শতদল শাখা ( গোৱালপাৰা ) সাহিত্য সভাৰ দ্বি- বাৰ্ষিক অধিবেশনখন ২৯ জুনত সফলতাৰে সম্পন্ন হৈ যায় ! ২৭ নং বলোৱা – গংগাপুৰ গাঁও পঞ্চায়তৰ” সভাগৃহত পুৱা ১০ বজাত শাখাটোৰ সভাপতি ৰমেশ কুমাৰ হালৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে শাখাটোৰ সাধাৰণ সম্পাদক উৎপল দাসে ! প্ৰায় ডেৰ মাহ পূৰ্বে এই ধৰাৰ পৰা পৰলোকলৈ গতি কৰা অসম সাহিত্য সভাৰ আজীৱন সভ্য তথা এই শাখাটোৰ সদস্য সূৰ্যমল তালুকদাৰৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ভগৱানৰ ওচৰত ১ মিনিত মৌনতা অৱলম্বন কৰি প্ৰাৰ্থনা জনাই বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে !ইয়াৰ পিছত শাখাটোৰ সম্পাদকে দুবছৰীয়া প্ৰতিবেদন পাঠ কৰাৰ পাছত শাখাটোৱে প্ৰকাশ কৰি উলিওৱা”‘ ‘ ৰ’ ” দালি ‘ শীৰ্ষক কবিতা পুথিখন উন্মোচন কৰে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা পিপলিবাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তপন কুমাৰ শৰ্মাই । গোৱালপাৰাস্থিত নৰেন্দ্ৰ নাথ ভট্টাচাৰ্য সংগীত বিদ্যালয়ৰ ছাত্ৰীসকলে এটি সুমধুৰ কন্ঠৰে সমবেত গীত পৰিবেশণ কৰি সভাত উপস্থিত থকা সকলোকে আপ্লুত কৰে ! সু-কবি তথা উপন্যাসিক অশোক ভড়ালী আৰু ভগৱান ভড়ালীয়ে বলিষ্ঠতাৰে আবৃতি কৰা দুটি কবিতাই সকলোৰে হৃদয় স্পৰ্শ কৰি যায় ! শাখাটোৰে দুগৰাকী সদস্য পুলেন হালৈ আৰু বাপুৰাম তালুকদাৰে শাখাটোৰ সাংগঠনিক দিশৰ ওপৰত বক্তব্য ৰখাৰ পিছত বিশিষ্ট সাহিত্যিক অনন্ত ভড়ালী , সাহিত্যিক পেঞ্চনাৰ সুপ্ৰভা দেৱী , মানবেন্দ্ৰ নাৰায়ণ শৰ্মা , সাংবাদিক নগেন তালুকদাৰ আৰু জ্যেষ্ঠ নাগৰিক ৰমনী দাসক ফুলাম”গামোচাৰে সম্বৰ্ধনা জনায় ! শাখা সাহিত্য সভাৰ দুবছৰীয়া কমিটীখনৰ হৈ”” সভাপতি ৰমেশ কুমাৰ হালৈৱে পদত্যাগ কৰাৰ পিছত শাখাটোৰ নতুনকৈ কমিটীখন গঠন কৰা হয় ! ৰমেশ কুমাৰ হালৈক সভাপতি ,মানবেন্দ্ৰ নাৰায়ণ শৰ্মাক উপ- সভাপতি , ভগৱান ভড়ালীক সাধাৰণ সম্পাদক ,মহানন্দ দাসক সহকাৰী সম্পাদক ,চন্দন শৰ্মা ,মানসজ্যোতি শৰ্মা আৰু অশোক ভড়ালীক পত্ৰিকাৰ সভাপতি- সম্পাদক , নগেন তালুকদাৰক প্ৰচাৰ সম্পাদক “পদ্মনাথ শৰ্মাক কোষাধ্যক্ষ,বাপুৰাম তালুকদাৰ , ঘনাকান্ত বৰ্মন আৰু উৎপল দাসক মনোনীত সদস্য , জগদীশ মহন্ত ,মুকুন্দ মাধৱ ডেকা ,প্ৰদুম্য দাস ,ৰুনুমা বেগম , পুলেন হালৈ , ৰাকেশ চন্দ্ৰ দেৱশৰ্মা ,ৰন্টু শৰ্মা ,মোহন হালৈ ,তাজনুৰ আলী আহমেদ ,লক্ষী চৌধুৰী আৰু বিপিন ডেকাক সদস্য হিচাবে লৈ ৰ ” দালি শাখা সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয় ! সমিতিখনৰ মুখ্য পৃষ্ঠপোশক হিচাবে আছে অনন্ত ভড়ালী আৰু সুপ্ৰভা দেৱী !

Leave A Reply

Your email address will not be published.