ভাৰত ৰঙ্গ মহোৎসৱত অঙ্গনা নাট্য গোষ্ঠীৰ ‘পঞ্চম বেদ’ নাটক মঞ্চস্থ

0

আজাৰা ,১৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে দেশজুৰি আয়োজন কৰা ভাৰত ৰঙ্গ মহোৎসৱৰ অংশ হিচাপে ‘বিশ্ব জন ৰঙ্গ’ত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অঙ্গনা নাট্য গোষ্ঠীয়ে কামৰূপ জিলাৰ শুৱালকুছি শংকৰ মন্দিৰ প্ৰেক্ষাগৃহত যোৱা ১৫ ফেব্ৰুৱাৰীত ‘পঞ্চম বেদ’ নাটখন মঞ্চস্থ কৰে। নাটখন পৰিচালনা কৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ স্নাতক উজ্জ্বলা বৰ্মনে । নাটখনত অভিনয় কৰে বন্দনা কাকতি, চন্দন বৈশ্য, কমল কৃষ্ণ দাস, ৰেখাৰাণী দাস, বিদিশা গোস্বামী, হিতেশ মজুমদাৰ, উৎপল পাঠক, কংকন দাস, প্ৰদীপ বেজবৰুৱা আৰু গৌৰৱ বৈশ্যই। নাটখন মঞ্চস্থ কৰাৰ ক্ষেত্রত বিশেষ ভাৱে সহায় কৰে তৃষাণ বৰ্মনে। নাটখনে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

Leave A Reply

Your email address will not be published.