সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি’ আৰু ‘ মানুহ সমুদ্ৰমুখী নদী’ উন্মোচন
সত্তৰৰ দশকতেই আত্মপ্ৰকাশ কৰি কাব্য সাধনাৰেই জীৱন পাৰ কৰা কবি – সাহিত্যিক প্ৰয়াত নৰেন তালুকদাৰৰ সত্তৰ তম জন্মদিন উদযাপনৰ ব্যতিক্ৰমী প্ৰয়াসেৰে পলাশবাৰীৰ উপৰহালীস্থিত তেওঁৰ পৰিয়ালৰ বাসভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিবেশত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । প্ৰয়াত তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে কবি তালুকদাৰৰ পত্নী বীণা তালুকদাৰ আৰু সপ্তাহিক অসমীয়া প্ৰাগজ্যোতিষ কাকতৰ সম্পাদিকা শশীপ্ৰভা দাসে । তাৰ পিছতেই লেখক ৰোহিনী কুমাৰৰ সঞ্চালনাত অনুষ্ঠিত তথা সহ:সম্পাদক হোমেন মেধীয়ে আতঁধৰা সভাত কবি নৰেন তালুকদাৰে মৃত্যুৰ পূৰ্বে সজাই থৈ যোৱা কবিতাৰ পাণ্ডুলিপিটো তেওঁৰ সহধৰ্মিনীয়ে ‘মানুহ সমুদ্ৰমুখী নদী ‘ নামাৰণেৰে প্ৰকাশ কৰা কাব্যপুথিখনি উন্মোচন কৰে লেখক- সাংবাদিক, নিয়মীয়া বাৰ্তা কাকতৰ উপ সম্পাদক দীপক কুমাৰ দাসে । উন্মোচন কৰি দাসে প্ৰয়াত তালুকদাৰৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে । তাৰ পিছতেই তালুকদাৰদেৱৰ স্বকীয় প্ৰতিভা, বৰ্ণিল জীৱন পৰিক্ৰমা আৰু অতুলনীয় সৃষ্টিৰাজীক সামৰি লেখক- সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ সম্পাদনাৰে পত্নীয়ে প্ৰকাশ কৰা সোৱৰণী গ্ৰন্থ ‘কেনভাছত তোমাৰ ছবি ‘ উন্মোচন কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শৰ্মাই । উন্মোচন কৰি শৰ্মাই প্ৰয়াত নৰেন তালুকদাৰে জীৱিত কালত ৰচনা কৰি থৈ যোৱা কবিতা পুথি, প্ৰবন্ধবোৰৰ ওপৰত বক্তব্য প্ৰদান কৰি স্মৃতি ৰোমন্থন কৰে । দুয়োখন গ্ৰন্থ উন্মোচনৰ পিছতেই সভাত উপস্থিত থকা কেবাগৰাকীও লেখকে নৰেন তালুকদাৰৰ স্মৃতি সুৱৰি তেওঁৰ সাহিত্য প্ৰতিভাৰ বিষয়ে বক্তব্য ৰাখে ।