গ্ৰন্থমেলা বাকৰিত ‘বহুবাক’ৰ গ্ৰন্থ উন্মোচনী সভা

0

সময়ৰ কথা সময়তে কোৱা উচিত। অন্যথায় সময় পাৰ হৈ গ’লে জীৱনলৈ নামিব পাৰে অমানিশা। লব্ধপ্ৰতিষ্ঠিত নিবন্ধকাৰ, সমাজ সচেতন লেখক ৰত্নেশ্বৰ বসুমতাৰীয়ে অসমীয়া জাতি-ভাষা ধৰি ৰক্ষাৰ বাবে গ্ৰন্থ প্ৰণয়ন কৰিছে”— অসমৰ অন্যতম সমন্বয়-সংহতিৰ বাৰ্তাবাহক সাহিত্যানুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ দ্বাৰা প্ৰকাশিত ৰত্নেশ্বৰ বসুমতাৰীৰ গ্ৰন্থ “অসমত বাংলাদেশীৰ আগ্ৰাসন আৰু খিলঞ্জীয়া অসমীয়াৰ সংকট” গ্ৰন্থখনি উন্মোচন কৰি প্ৰথিতযশা সাহিত্যিক, সমালোচক ভৱানীপ্ৰসাদ অধিকাৰীয়ে এনেদৰে কয়। গুৱাহাটীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা বাকৰিৰ বেণু মিশ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত আড়ম্বৰপূর্ণ পৰিবেশত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত বুদ্ধিজীবী অধিকাৰীয়ে আৰু কয়- অসমক সচাঁ ভালপোৱা প্ৰতিটো দল-সংগঠনে, ৰাজ্য চৰকাৰৰ প্ৰতিজন মন্ত্রী-বিধায়ক-সাংসদে ৰত্নেশ্বৰ বসুমতাৰীৰ গ্ৰন্থখন পঢ়িব লাগে। বিষ্ণু প্ৰসাদ ৰাভা, কমলাকান্ত ভট্টাচার্য, অম্বিকাগিৰী ৰায় চৌধুৰীৰ দৰে শক্তিশালী কলম চলোৱা বসুমতাৰীয়ে সমাজখনক সঠিক দিক দৰ্শনৰ এই গ্ৰন্থখন প্ৰণয়ন কৰিছে। বহুবাকৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই আঁত ধৰা সভাত অসম লোকসেৱা আয়োগৰ সদস্য ড০ নিৰঞ্জন কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচনৰ প্ৰধান সম্পাদক জিতেং পায়েং, বিশিষ্ট কবি ৰাজেন্দ্ৰনাথ বৰদলৈ, নুনমাটি সাহিত্য সভাৰ সভাপতি নৰেন ৰয়ে বিশিষ্ট অতিথিৰ ভাষণত লেখক বসুমতাৰীৰ গ্ৰন্থখনিয়ে অসমীয়া জাতি-ভাষা ৰক্ষাৰ এখনি প্ৰামাণ্য দলিল বুলি অভিহিত কৰে। পূৰ্বালী শৰ্মা বৰদলৈয়ে লোক সংগীত পৰিবেশন কৰা সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সহ সম্পাদক কমল কলিতা, গুৱাহাটী মহানগৰ কবি কাননৰ সভাপতি কমলজিৎ কলিতা, কবি-লেখিকা দীপিকা দেৱী কলিতা, নুনমাটি পাব্লিক স্কুলৰ পৰিচালন সঞ্চালক ডম্বৰুধৰ তালুকদাৰ, অৱসৰী অধ্যক্ষ দিবাকৰ নাথ, অইলৰ অৱসৰী মহাপ্ৰবন্ধক ডম্বৰুধৰ তালুকদাৰ, কবি হৰমোহন কলিতা, বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি গুৰুপ্ৰসাদ মেধি, হিন্দু নেতা বিজয় দেবাংগন প্ৰমুখ্যে ভালেসংখ্যক কবি, লেখক-লেখিকা, অধিবক্তা, সাংবাদিক আদি উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.