আৰম্ভ হল একাদশ বাৰ্ষিক চানডুবি উৎসৱ
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি। চৌপাশে সেউজীয়া পাহৰৰে আৱৰা এখন অৰণ্য। যত গছেও কথা কয়, গভীৰ জলৰাশীৰ বুকুত লুকাই আছে ৰহস্যময় মাদকতা। সেয়াই দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত উজলি থকা চানডুবি বিল। পৰম্পৰাগত লোকনৃত্য, কৃষ্টি, বিভিন্ন জাতি জনগোষ্ঠীৰ বৰ্ণিল সমাহাৰৰে ইংৰাজী নৱবৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা চাৰিদিনীয়াকৈ আৰম্ভ হল এই চানডুবি উৎসৱ। উৎসৱৰ পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাই। অনুষ্ঠাটোৰ ৯ বজাত আনুষ্ঠানিকভাৱে চানডুবি মহোৎসৱ শুভাৰম্ভ কৰে ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। শুভাৰম্ভ কৰি ৰাভাই যোৱা বৰ্ষটো এক মহমাৰী আতংকময় পৰিবেশে বিৰাজ কৰিলে। সন্ত্ৰাস আৰু সংঘাতৰ মাজত এইবেলি চানডুবি উৎসৱ আয়োজন কৰিছে। এটি আশাৰ বতৰা মানৱ সমাজৰ আনন্দ প্ৰকৃতিৰ সদভাৱ আহিছে। হেৰাই যাবলৈ ধৰা প্ৰাকৃতিক ঐতিহ্য, সম্পদ, জনগোষ্ঠী সমূহৰ সংস্কতি আদি প্ৰকৃতিৰ সৈতে যি সম্পৰ্ক আছে সেই এৰাব নোৱাৰা সম্পৰ্কটোক চানডুবি উৎসৱে আগবঢ়ায় লৈ যাব। এটা জনগোষ্ঠীৰ সংস্কৃতি প্ৰকৃতিক সংৰক্ষণ ৰজাৰ যিমান দায়িত্ব অঞ্চলবাসী তথা সাধাৰণ শ্ৰেণী মানুহৰ মাজত দায়িত্ব আৰু কৰ্তব্যৰ মাজত ৰাখিব তেতিয়া সংস্কৃতি প্ৰকৃতি জীয়াই থাকিব বুলি টংকেশ্বৰ ৰাভাই মন্তব্য কৰে। ইয়াৰ পিছতে অতিথিশালা ডগৰবুৰা মুকলি কৰে ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ কাৰ্যবাহী ৰশ্মী ৰাভাই। উৎসৱৰ প্ৰদৰ্শনস্থলী লাঙাবুৰাৰ দ্বাৰ মুকলি কৰে ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য নৃপেন ৰাভাই। সাংস্কৃতিক চান্দ সদাগৰ সোঁৱৰণী মঞ্চ মুকলি কৰে ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমতি ৰাভাই। উৎসৱৰ লগতি সংগতি ৰাখি থলুৱা খেল ধেমালীৰ শুভাৰম্ভ কৰে ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভাই। চানডুবি উৎসৱৰ লগতি সংগতি ৰাখি প্ৰকাশ কৰি উৱিওৱা স্মৃতিগ্ৰন্থ ‘লকেয়া’ উন্মোচন কৰে ধূপধাৰাস্থিত বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাই। অনুষ্ঠানৰ মাজে মাজে বাগেজাৰী নৃত্য, বড়ো নৃত্য, বাগৰুম বা, ৰাভা জনগোষ্ঠীৰ সাথাৰ আদি প্ৰদৰ্শনে উপস্থিত দৰ্শকক আপ্লুত কৰে। চাৰি জানুৱাৰীলৈকে চলিব লগা চানডুবি মহোৎসৱৰ দৰ্শনাৰ্থীসকলক আকৰ্ষিত কৰাৰ বাবে বাহ, খেৰ আদি থলুৱা সামগ্ৰীৰে মুল তোৰণ, অতিথিশালাৰ লগতে বিভিন্ন ধৰণৰ সৰু সৰু ঘৰ সুন্দৰকৈ সাজিছে। বিশেষকৈ এটি থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰা অতিথিশালা আৰু পোৰা মাংস, বাঁহৰ চুঙাত চাহ, বাঁহৰ চুঙাৰ ভাত, জুইত সেকা গৰৈ মাছৰ পিতিকা, ঔ তেঙাৰ বৰালি মাছৰ জোল আদি লগতে গ্ৰাম্যঞ্চলৰ বিধে বিধে পিঠা পনাই দৰ্শনাৰ্থীসকলে আমোদ লৈছে। আনহাতে উৎসৱস্থলীত লাঙাবুঢ়া নামেৰে এখনি বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, ১৮৯৭ চনত এক ভুমিকম্পৰ ফলত হোৱা চানডুবি বিল সংৰক্ষণৰ বাবে বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই বিভিন্ন দল সংগঠনৰ সহযোগত ২০১০ চনৰ পৰা অনুষ্ঠিত কৰি আহিছে চানডুবি মহোৎসৱ। থলুৱা খেল ধেমালী প্ৰতিযোগিতাই চানডুবি উৎসৱৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ চানডুবি বিল উৎসৱৰ সকলো কাৰ্যসূচীতে দেশ-বিদেশৰ পৰ্যটকৰ লগতে বিভিন্ন দল সংগঠনৰ সহায়-সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে।