আজাৰাত অৰ্দ্ধ শতাধিকৰ বিজেপিত যোগদান

0

ৰাজ্যৰ আন আন সমষ্টিৰ দৰে পশ্চিম গুৱাহাটী সমষ্টিটো বিজেপি দলে নিবাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে । আনকি অংশ হিচাপে মিত্ৰজোঁটৰ হ’লেও অগপৰ পৰা সমষ্টিটো নিজৰ হাতত নিবৰ বাবে বিজেপি দলে ৰাজনৈতিক তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে । ইয়াৰ অংশহিচাপে দলৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী মণ্ডল উদ্যোগত আজাৰা গাঁও পঞ্চায়তৰ ৮২ নং আৰু কাহিকুছি গাঁও পঞ্চায়তৰ ১৩ নং বুথৰ আজাৰাত অনুষ্ঠিত ৰাজনৈতিক সভাত বৃহত্তৰ আজাৰা অঞ্চলৰ বিভিন্ন বৃত্তিৰ লগত জড়িত পুৰুষ-মহিলা নিৰ্বিশেষে অৰ্দ্ধ শতাধিক লোকে বিজেপি দলৰ নীতি আদর্শত আকৃষ্ট হৈ দলটোত যোগদান কৰে । দলত যোগদান কৰা সকলক দলীয় প্রতীক চিহ্ন সম্বলিত টুপী আৰু বস্ত্ৰৰে আদৰণি জনায় ক্ৰমে দলৰ জ্যেষ্ঠ নেতা আৰু অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় গুপ্তাই । এই উপলক্ষে ৰাণী মণ্ডলৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা সভাত বিজেপি নেতা বিজয় গুপ্তাই অহা নিৰ্বাচনত বিজেপি ৰ নেতৃত্বত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি ব্যক্ত কৰি এতিয়া মাথো সেয়া সময়ৰ অপেক্ষা বুলি কয় । সভাত দলৰ পশ্চিম গুৱাহাটীৰ প্ৰভাৰী নিয়তি দে ,সহ প্ৰভাৰী হিৰেন চন্দ্ৰ মেধী , ৰাজ্যিক কার্যনির্বাহক সদস্যদ্বয় প্ৰশান্ত মহন্ত আৰু অশোক কুমাৰ ভৰালী , গুৱাহাটী জিলা কমিটিৰ সম্পাদক তপন দাস , ৰামচাৰাণী জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰী , আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীকে ধৰি কেইবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে দলত যোগদান কৰা সকলৰ কেইবাজনেও অনাগত দিনত দলৰ শক্তি বৃদ্ধিত নিজকে আত্মনিয়োগ কৰিব বুলি ব্যক্ত কৰি এখন উন্নত ভাৰত গঢ়াত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্প নাই বুলি ঘোষণা কৰে ।

Leave A Reply

Your email address will not be published.