দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষকৰ বিশেষ পদক্ষেপ

ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ ল’লে অধ্যয়নৰ বুজ

দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকৰ প্ৰশাসনীয় পদক্ষেপ। ক’ভিডৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকা বাবে ঘৰতে আৱদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ অধ্যায়ন আৰু স্বাস্থ্যৰ বুজ ললে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ চাৰিজন শিক্ষকে। মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ত দূৰণিবতীয়া অনাগ্ৰসৰ অঞ্চলৰ পৰা আহি অধ্যায়ন কৰা ছাত্ৰ ছাত্ৰী সকল ঘৰতে থাকিব লগা হৈছে। শিক্ষক হিচাবে নিজৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা দায়বদ্ধতাক গুৰুত্ব দি নিজাববীয়া প্ৰচেষ্টাত শিক্ষকৰ দলটোৱে বকো সমষ্টিৰ অন্তৰ্গত পিছপৰা চৰ অঞ্চলৰ লগতে সোনতলি, কালাতলি, ছমৰীয়া আৰু ছয়গাও সমষ্টিৰ অন্তৰ্গত জোৰ শিমলু, গৰৈমাৰী, গুমি আদি অঞ্চললৈ গৈ ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বুজ লয়। গণিত বিভাগৰ অধ্যাপক প্ৰশান্ত কলিতাৰ নেতৃত্বত যোৱা অধ্যাপকৰ দলটোত আছিল ৰাসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক উৎপল দাস, জৈৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অধ্যাপক মানবেন্দ্ৰ কলিতা, ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ড: শৈলেন্দ্ৰ কুমাৰ দাস। মহাবিদ্যালয় খনৰ বিজ্ঞান শাখাৰ কৰ্মচাৰী নয়ন কলিতাইও সহযোগ কৰে। ক’ভিড পৰিস্থিতিৰ মাজত থকা ছাত্ৰ- ছাত্ৰী সকল কেনেদৰে আছে বা পঢ়া শুনা কেনেকৈ কৰিছে বা অনলাইন ক্লাছৰ জৰিয়তে পাঠ্যক্ৰম বুজিছেনে নাই তাৰ খৱৰ লয়। দীৰ্ঘদিন ধৰি মহাবিদ্যালয়ৰ শ্ৰেণী সমূহ বন্ধ হৈ থকাৰ ফলত অধ্যায়নত ব্যাঘাত হৈছে শিক্ষাৰ্থী সকলোৰ। বিশেষকৈ বিজ্ঞান শাখাত অধ্যায়নৰত শিক্ষাৰ্থী সকলে পাঠ্যক্ৰমৰ বিষয়বস্তু বুজি পোৱাত যথেষ্ট অসুবিধাৰ হৈছে । এই অসুবিধা দুৰ কৰাৰ ক্ষেত্ৰত শিক্ষক কেইজনে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । ছাত্ৰ-ছাত্ৰীৰ সৈতে মতবিনিময় কৰি তেওঁলোকক মনোবল বৃদ্ধি কৰি অধ্যায়নৰ প্ৰতি আগ্ৰহী কৰাৰ ওপৰত গুৰুত্ব দিয়ে। কভিড পৰিস্থিতিৰ মাজত মিৰ্জাৰ পৰা শিক্ষক কেইজনে ছাত্ৰ ছাত্ৰীৰ ঘৰ বিছাৰি তেওঁলোকৰ কাষলৈ অহাত উৎফুল্লিত হৈ পৰিছে শিক্ষাৰ্থী সকল। উল্লেখ্য যে, নেটৱৰ্ক ভালকৈ নথকাৰ বাবে অনাগ্ৰসৰ অঞ্চলৰ এই সমূহ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন ক্লাছৰ সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। এই চাৰি গৰাকী শিক্ষকে শৈক্ষিক দায়বদ্ধতাৰ নিদৰ্শন দাঙি ধৰি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈগৈ তেওঁলোকক নিজৰ ব্যক্তিগত ফোন নম্বৰত ফোন কৰি অধ্যায়নত অসুবিধা পালে যোগাযোগ কৰিবলৈ উপদেশ দিয়ে‌। শিক্ষক কেইজনে অভিভাবক সকলোৰ সৈতেও তেওঁলোকৰ সন্তানৰ অধ্যায়নত হোৱা সমস্যা আৰু উপায় সন্দৰ্ভত আলোচনা কৰে। শিক্ষাৰ্থীৰ প্ৰতি দায়বদ্ধ শিক্ষক কেইজনৰ এই পদক্ষেপক আদৰণি জনাইছে অভিভাবক সকলে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*