টিহু ছোৱালী হাইস্কুলৰ ইয়ুথ এণ্ড ইক ক্লাৱৰ 20২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ বটাঁৰ সন্মান শ্ৰুতিস্মিতা শৰ্মালৈ

টিহু, ১মাৰ্চ : নলবাৰী জিলাৰ নাৰী শিক্ষাৰ ক্ষেত্ৰত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টিহু ছোৱালী হাইস্কুলৰ ইয়ুথ এণ্ড ইক ক্লাৱৰ উদ্যোগত আজি বিদ্যালয়খনত এখনি সভা
অনুষ্ঠিত হয় । জেষ্ঠ বিজ্ঞান শিক্ষক কিশোৰ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনৰ উদ্দেশ্য বাখ্যা কৰে ইয়ুথ এণ্ড ইক ক্লাৱৰ সমন্বয়ক লভিতা ডেকাই। জ্যেষ্ঠ শিক্ষক বিমান কলিতাই আঁত ধৰা এই সভাখনত নিৰ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহন কৰি বিশিষ্ট নাট্যকাৰ, সমাজকৰ্মী কুমুদ ভট্টাচাৰ্য্যই ছাত্ৰীসকলক পাঠ্যপুথিৰ জ্ঞানৰ লগতে সামাজিক চেতনাবোধ আৰু প্ৰকৃত মানবীয় প্ৰমূল্যবোধ বজাই ৰাখি জীৱনৰ বাটত অগ্ৰসৰ হ’বলৈ আহ্বান জনায় । তেওঁ লগতে টিহু ছোৱালী হাইস্কুলৰ ইয়ুথ এণ্ড ইক ক্লাৱৰ জৰিয়তে শিক্ষাগুৰুসকলে ছাত্ৰীসকলক দি অহা ব্যৱহাৰিক জ্ঞানৰ ভূয়সী প্ৰশংসা কৰি এনেধৰণৰ ব্যৱহাৰিক জ্ঞানে ছাত্ৰ-ছাত্ৰীসকলক বাস্তৱিক হ’বলৈ অনুপ্ৰেৰণা যোগাব বুলি মন্তব্য কৰে । এইবেলি টিহু ছোৱালী হাইস্কুলৰ ইয়ুথ এণ্ড ইক ক্লাৱৰ ২০২৩-২৪ বৰ্ষৰ শ্ৰেষ্ঠ বটাঁৰ সন্মান লাভ কৰে বিদ্যালয়খনৰ ছাত্ৰী একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদিকা তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী শ্ৰুতিস্মিতা শৰ্মাই। উল্লেখযোগ্য যে বিগত বৰ্ষতো শ্ৰুতিস্মিতা শৰ্মাই শ্ৰেষ্ঠ বটাঁৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল। সভাত জ্যেষ্ঠ শিক্ষক কিশোৰ কুমাৰ শৰ্মা, শিক্ষয়িত্ৰী সংগীতা দেৱী, বিনীতা বৰ্মন ,মন্দিৰা শৰ্মাকে ধৰি বিদ্যালয়খনৰ ছাত্ৰীসকল উপস্থিত থাকে ।শেষত অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*