পাঞ্জাবাৰীত সীমান্ত চেতনা মঞ্চৰ কনকলতা নগৰ সমিতি গঠন

সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ অন্তৰ্গত কনকলতা নগৰ সমিতিৰ এখন বিশেষ সদস্য সন্মিলন আজি পাঞ্জাবাৰীৰ বিষ্ণুনগৰস্থিত অভিনন্দন বিবাহ ভৱনত অনুষ্ঠিত হয়। মঞ্চৰ গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সন্মিলনত সমাজ সংগঠক পৱন ঠাকুৰীয়াক সভাপতি, অৱসৰপ্ৰাপ্ত আৰক্ষী উপ অধীক্ষক প্ৰফুল্ল বৰ্মনক উপ সভাপতি আৰু বেচৰকাৰী সংগঠন নিউ হ’ৰাইজনৰ কাৰ্যকৰ্তা মঞ্জু বৰঠাকুৰক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰি কনকলতা নগৰ সমিতিৰ এঘাৰজনীয়া কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয়। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰৰ সাধাৰণ সম্পাদক বিশ্বজিৎ কলিতাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত কনকলতা নগৰ সমিতি আৰু ইয়াৰ অন্তৰ্গত ৱাৰ্ড সমিতিসমূহৰ প্ৰস্তাৱ দাখিল কৰে মহানগৰ সমিতিৰ কাৰ্যবাহী সদস্য ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে। মঞ্চৰ ৰাজ্যিক সভাপতি ড০ বিনীতা ভাগৱতী, মহানগৰ সমিতিৰ সম্পাদক জ্যোতি কলিতা, স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ মিছনৰ সচিব ৰুমী দেৱী, অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া বৈকুণ্ঠ চেতীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰবীণ কাৰ্যকৰ্তা মৃণাল বৰ্মন, শ্ৰীনিবাস মেধি, বিশিষ্ট কবি-অভিনেত্ৰী শিখা বেজবৰুৱা গোস্বামী প্ৰমুখ্যে বৃহত্তৰ অঞ্চলটোৰ কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তি উপস্হিত থকা বৈঠকত খানাপাৰা, সাতগাওঁ, বতাহঘূলী আৰু বাঘৰবড়ী ৱাৰ্ড সমিতি চাৰিখনো গঠন কৰা হয়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*