গড়চুক থানাত ক’ভিড সজাগতা সভা ; এছ অ পি মানি চলিবলৈ আহ্বান

মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত আজি বিয়লি থানা চৌহদত এখন ক’ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ কমিটি , ব্যৱসায়ী সংস্থা , গাওৰক্ষী বাহিনী , নাগৰিক কমিটিৰ প্ৰায় ৩০ জন প্ৰতিনিধি উপস্থিত থাকে । আনহাতে সভাৰ উদেশ্য বাখ্যা কৰি গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে বৰ্তমান ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে সকলোকে ক’ভিড বিধি বা এছ অ পি মানি চলিবলৈ আগবঢ়া জনায় । তেনেদৰেই কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দুই বহুমুখী স্বাস্থ্যকর্মীদ্বয় নীৰেন্দ্ৰ মালাকাৰ আৰু ধৰ্মেন্দ্ৰ ডেকাই ৰাইজৰ মাজত সজাগতা অবিহনে ক’ভিডক নিয়ন্ত্ৰণ কৰিবলৈ সম্ভৱ নহয় বুলি ব্যক্ত কৰে আৰু জনসমাগম হোৱা স্থানৰে পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায় । সভাত ক’ভিড বিধি মানি চলা, ব্যবসায়ী সকলক ন মাস্ক ন চেল নীতি মানি চলোৱা আহ্বান জনোৱা হয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*