বৰদুৱাৰ বাগানত স্মৃতিচাৰণ অনুষ্ঠান

কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত ১৭ জানুৱাৰীত সদ্যপ্ৰয়াত বিষ্ণুৰাভাৰ সংগ্ৰামী সতীৰ্থ সত্যনাথ ৰাভা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী চুলেমান হুছেইনৰ স্মৃতিচাৰণ সভা এখনি অনুষ্ঠিত হৈ যায় ৷ সমন্বয় সুৰক্ষা মঞ্চৰ উদ্যোগত নতুন চিমিনা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত আজি শিল্পী দিৱসৰ পবিত্ৰ দিনটোতে আয়োজিত স্মৃতিচাৰণ সভাৰ কাৰ্যসূচী অনুসৰি পুৱা শিক্ষক ধীৰাজ ৰাভাই স্মৃতি তৰ্পন কৰাৰ উপৰি সুৰক্ষা মঞ্চৰ বিষয়ববীয়া সকলে পুস্পাঞ্জলী প্ৰদান কৰে ৷ আনহাতে, মঞ্চৰ বিষয়ববীয়া চাহজাহান আলী আৰু ৰাজু আলীয়ে আঁতধৰা সভাখনৰ আৰম্ভণিতে বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয় ৷ তদুপৰি বিশিষ্ট সাহিত্যিক ভুবিন ৰাভাৰ পৌৰহিত্যত আয়োজিত সভাখনত মঞ্চৰ বিষয়ববীয়া নুৰুল ইছলামে আদৰণি ভাষণ আগবঢ়াই ৷ ইফালে পবিত্ৰ স্মৃতিচাৰণ অনুষ্ঠানৰ স’তে সংগতি ৰাখি পৰমেশ্বৰ কলিতাৰ সম্পাদনাৰে প্ৰকাশ কৰি উলিওৱা পুস্তিকা ” নক্ষত্ৰ ” উন্মোচন কৰে বিশিষ্ট চিন্তাবিদ দেৱজিত নাফাই ৷ তদুপৰি তেওঁৰ উন্মোচনী ভাষণত কয় যে – সদ্যপ্ৰয়াত ৰাভা আৰু হুছেইন সমাজৰ আদিগংগা আছিল ৷ তদুপৰি মানৱপ্ৰেমৰ জৰিয়তে দুয়োগৰাকীয়ে সমাজৰ উত্তৰণৰ হেতু জীৱন সংগ্ৰাম আগুৱাই লৈ গৈছিল ৷ আনকি সভাখনত চানডুবি পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য নৃপেন চন্দ্ৰ ৰাভা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সত্যনাথ ৰাভা আৰু চুলেমান হুছেইনৰ সামাজিক অৱদান সমূহৰ বিষয়ে সাৱলীল ব্যাখ্যা আগবঢ়াই ৷ প্ৰয়াত ৰাভা আৰু হুছেইনৰ পৰিয়ালৰ লোকৰ উপৰি বিশিষ্ট সমাজকৰ্মী বিতাৰাম দাস ,ৰমেন কুমাৰ দাস ,খলিল আলীৰ উপৰি গাম্ভীৰ্যপূৰ্ণ স্মৃতিচাৰণ সভাখনত স্থানীয় ৰাইজৰ মুৰব্বী সকলোৰ লগতে বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি কমলেশ্বৰ ৰাভা,বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক মাণিক উৰাঙকে ধৰি বিভিন্ন দল সংগঠনৰ ভালেকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*