উপৰহালীত ভোগালী বিহু উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগৰ উৎসৱ ভোগালী বিহু ভিন্ন ধৰণে উদযাপন কৰিছে। পলাশবাৰী সমষ্টিৰ উপৰহালী ৰাইজ গয়ৰহে বিগত বৰ্ষবোৰৰ দৰে এইবেলিও ব্যতিক্ৰমী ধৰণে উদযাপন কৰিলে ভোগালী বিহু উৎসৱ। ১৪ জানুৱাৰীৰ ৰাতিপুৱা ৯ বজাত ৰাইজ গয়ৰহৰ মেজি প্ৰজ্বলন কৰে পৰিচালক, নাট্যকাৰ, অভিনেতা হিমাংশু প্ৰসাদ দাসে। অনুষ্ঠানৰ পূৰ্বে বিশিষ্ট অভিনেতা গৰাকীক এখন গামোচা, চেলেং চাদৰ, এখন শৰাইৰে সভাপতি মালৱ্যমোহন তালুকদাৰ, সাধাৰণ সম্পাদক দীপক তালুকদাৰ আৰু গল্পকাৰ, সাংবাদিক পবিত্ৰ কুমাৰ দাসে নিজৰ গ্ৰন্থ উপহাৰ দি সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে পৰম্পৰাগতভাৱে উদযাপন কৰি অহা উপৰহালী গাঁওৰ আশী বছৰৰ উৰ্ধৰ প্ৰায় ২০ গৰাকী পুৰুষ-মহিলাসকলক একোখনকৈ গামোচা আৰু শৰাইৰে ৰাইজ গয়ৰহৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপৰহালী গাঁৱৰ শুভকাংক্ষী তথা দক্ষিণ কামৰূপৰ বিজয়নগৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি বাবু লাল জৈনকো এখন শৰাই আৰু গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে, বাবুলাল জৈনে বিগত সময়ছোৱাত উপৰহালী অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত জড়িত থাকি সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ৰাইজ গয়ৰহক ৰাজহুৱা শ্মশান আৰু খেলপথাৰৰ বাবে ভূমি দান কৰা বাবে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে উপৰহালী ৰাইজ গয়ৰহৰ সভাপতি মালব্য মোহন তালুকদাৰৰ পৌৰহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত মেজি প্ৰজ্বলক হিমাংশু প্ৰসাদ দাসে ভাষণ প্ৰসঙ্গত ভোগালী বিহুৰ মেজি জুয়ে অপায় অমঙ্গল, দুখ দুৰ কৰি সকলোৰে মনত সদভাৱ জাগি উঠাৰ কামনা কৰি ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰে। অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া আৰু দক্ষিণ কামৰূপ জিলাৰ সভাপতি ধনেশ্বৰ তালুকদাৰ উপস্থিত থাকি উপৰহালী ৰাইজ গয়ৰহে আয়োজন কৰা অনুষ্ঠানৰ শলাগ লয়। হেংমাগ ঠাকুৰীয়াই উপৰহালী ৰাইজ গয়ৰহৰ ভাঙৰা গোঁপাল গোঁসাই নামঘৰলৈ ৰাজ্য চৰকাৰে “অসম দৰ্শন” আঁচনিৰ জৰিয়তে আগবঢ়োৱা ২.৫০ লাখ টকা আৰু জিলা সভাপতি ধনেশ্বৰ তালুকদাৰে উপৰহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ উন্নয়ণৰ বাবে অসম চৰকাৰে ২০ লাখ টকা আগবঢ়োৱা কাৰ্যত সহায়-সহযোগ কৰাৰ বাবে ৰাইজ গয়ৰহৰ তৰফৰ পৰা শলাগ লোৱাৰ লগতে একোখন গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ৰাইজ গয়ৰহৰ তথা সাংবাদিক সহ: সম্পাদক পবিত্ৰ কুমাৰ দাস আৰু অজিত তালুকদাৰে আ‍ঁতধৰা অনুষ্ঠানত ৰাইজ গয়ৰহৰ উপ সভাপতি যতীন তালুকদাৰ, অশ্বিনী তালুকদাৰ, সাধাৰণ সম্পাদক দীপক তালুকদাৰ আদিৰ লগতে গাঁৱখনৰ বহু বিশিষ্ট লোক উপস্থিত থাকে। অনুষ্ঠানৰ মাজে মাজে ৰাইজ গয়ৰহৰ চৈতালী নাম পৰিবেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*