
পলাশবাৰীৰ আমৰঙ্গা বৰিহাট অগ্ৰণী সাহিত্য সংস্কৃতিৰ অনুষ্ঠান ‘ঐক্যতান’ আৰু ‘ছাঁ’ ই অনুষ্ঠিত কৰি আহিছে ‘ঐছাঁ’ নাট মহোৎসৱ। যোৱা বৰ্ষত ক’ৰণা মহমাৰীৰ পৰিপেক্ষিতত উক্ত নাট মহোৎসৱ বাতিল কৰা হৈছিল। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্পৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা মানি এইবেলি ২২, ২৩ আৰু ২৪ জানুৱাৰীত পলাশবাৰীৰ আমৰাঙ্গা কলা মন্দিৰ প্ৰেক্ষাগৃহত দ্বিতীয় বৰ্ষৰ বাবে আয়োজন কৰা হৈছে ‘ঐছাঁ নাট মহোৎসৱ’। অপেচাদাৰী নাট্য আন্দোলনৰ প্ৰগতিশীল ধাৰাটোক ইতিমধ্যে বৃহত্তৰ আমৰাঙ্গা বৰিহাট অঞ্চলটোৰ নিৰবচিন্নভাৱে প্ৰবাহিত কৰাৰ ক্ষেত্ৰত অঞ্চলটোৰ বহুকেইজন নবীন-প্ৰবীন নাট্যদলৰ আহোপুষাৰ্থ কৰি আহিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ নাট্যকৰ্মী সকলোৰো অৱদান অনস্বীকাৰ্য। সেয়েহে প্ৰথম বৰ্ষৰ দৰে এইবেলিও ‘ঐছাঁ’ পৰিয়ালটিয়ে দক্ষিণ কামৰূপৰ তিনিগৰাকী প্ৰখ্যাত তিনিগৰাকী নাট্য যোদ্ধাৰ সোঁৱৰণত তিনিটা নাট্য সন্ধিয়া উৎসৰ্গা কৰা হৈছে। ২২ জানুৱাৰীৰ সন্ধিয়া ৭ বজাত মঞ্চ জগতৰ তথা বোলছবিৰ বলিষ্ঠ অভিনেত্ৰী অঞ্জনা দত্তই মুকলি কৰিব প্ৰয়াত বিষ্ণুৰাম দাস সোঁৱৰণী নাট সন্ধিয়াত ‘ছাঁ’ গোষ্ঠীয়ে নিবেদন কৰিব ৰাজীৱ কলিতাৰ নাট পৰিকল্পনা আৰু পৰিচালনাৰে ‘সময়…কালকৈ নাথাকে ৰৈ’। সেইদৰে ২৩ জানুৱাৰীত প্ৰয়াত মহেন্দ্ৰ অধিকাৰী সোঁৱৰণী নাট সন্ধিয়া বোলছবি পৰিচালক নেছিমুল মছিদে মুকলি কৰাৰ পিছতে বলেন চৌধুৰীৰ পৰিচালনাৰে ‘ঐক্যতানে’ নিবেদন কৰিব হিমেন্দ্ৰ বৰঠাকুৰৰ অন্যবাদ্য সৃষ্টি ‘বাঘ’। তৃতীয় তথা ২৪ জানুৱাৰীত প্ৰয়াত উমেশ চন্দ্ৰ দাস সোঁৱৰণী মঞ্চ মুকলি কৰিব লোকগীত তথা স্থানীয় শিল্পী বংশীধৰ দাসে। মালীগাঁওস্থিত ‘গন্ধৰ্ব’ ই নিবেদন কৰিব বিনোদ শৰ্মাৰ ৰচনা, পৰিচালনাৰে জীৱন্ত প্ৰেমৰ মূৰ্তি প্ৰতীক নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰৰ জীৱন ভিত্তিক নাট ‘নীল-দীপালী’। ইতিমধ্যে বিগত প্ৰায় এমাহ ধৰি ‘ঐছাঁ’ পৰিয়ালটিয়ে অঞ্চলবাসী ৰাইজৰ সহযোগত মহোৎসৱৰ যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। প্ৰেক্ষাগৃহ বৰ্হিভাগত আটোম টোকাৰীকৈ সজোৱাত ব্যস্ত হৈ পৰিছে শিল্পী প্ৰৱীন শৰ্মাৰ নেতৃত্বত এদল যুৱ শিল্পীয়ে। উল্লেখ্য যে, ২২ জানুৱাৰীৰ সন্ধিয়া মঞ্চ মুকলিৰ সময়তে উদ্যোক্তাসকলে মহোৎসৱৰ লগত সংগতি ৰাখি ‘ঐছাঁ’ নামেৰে এখন স্মৰনিকা প্ৰকাশৰ দিহা কৰিছে। তপন কুমাৰৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া স্মৰনিকাখন উন্মোচন কৰিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰৱক্তা অনুজ কলিতাই। তাৰোপৰি ৰাতিপুৱাৰ ভাগত স্থানীয় অনুষ্ঠানত চাৰিগৰাকীৰ সভাপতি জড়িয়তে বৃক্ষৰোপন কৰা হব। নাট মহোৎসৱৰ সমূহ কাৰ্যসূচীত নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায়-সহযোগিতা ‘ঐছাঁ’ৰ সভাপতি বলেন চৌধুৰী আৰু সম্পাদক অমৰদ্বীপ কলিতাই কামনা কৰিছে।
Leave a Reply