আয়ুৰ্মেদ হেল্থ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্মেদ হেল্থ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ, ডাঃ বিজয় দাস, ডাঃ হিমাশ্ৰী বৰা আৰু স্বাস্থ্যকর্মী প্ৰাণেশ্বৰ ডেকাই উপস্থাপন অৰ্দ্ধ শতাধিক লোকৰ ৰক্তচাপ, চুগাৰ তথা মধুমেহৰ উপৰিঅত্যাধুনিক যন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো ধৰণৰ বিষ আৰু পুৰণি বেমাৰৰ পৰীক্ষা কৰে । আনহাতে চিকিৎসকৰ দলটোৱে ৰোগ চিনাক্ত হোৱা লোক সকলক ৰোগ নিৰাময় আৰু আৰোগ্য সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে স্বাস্থ্য পৰীক্ষাৰ পাছত সুলভ মূল্যত ৰোগী সকলোক দৰব প্ৰদান কৰা হয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*