নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ জিএনএম আৰু বিএচচি নাৰ্চিঙৰ শিক্ষাৰ্থীৰ শপত গ্ৰহণ অনুষ্ঠান

কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ শান্তিপুৰস্থিত নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে প্ৰতিষ্ঠাকালৰে পৰা সমাজত শৈক্ষিক অগ্ৰগতিৰ খতিয়ান দাঙি ধৰি আহিছে। আজি নাৰ্চিং শিক্ষাৰ অন্যতম এই শৈক্ষিক প্ৰতিষ্ঠানখনে জিএনএম আৰু বিএচচি নাৰ্চিঙৰ শিক্ষাৰ্থী সকলৰ বাবে শপত গ্ৰহণ এক অনন্য কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে ছাত্র ছাত্ৰী সকলৰ চেপিং আৰু নাৰ্চিং ইতিহাসৰ কিম্বদন্তী নাৰী নাঈটিংগেলৰ স্মৰণ এক সুন্দৰ কাৰ্যসূচী ৰূপায়ণ কৰে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে স্কুল এণ্ড কলেজ অফ নাৰ্চিঙৰ অধ্যক্ষা ইলোৰা বহ্ম, উক্ত শৈক্ষিক প্ৰতিষ্ঠানৰ উপাধ্যক্ষা ৰূপালী তাঁঁতী সচিব ড নৰেশ্বৰ শৰ্মা, নেমকেয়াৰ চিকিৎসালয়ৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট সংগীত শিল্পী ডা হিতেশ বৰুৱা,এনইটিইএছৰ সচিব ড অনুপ কুমাৰ গগৈ, ড নৱনীতা বৰ্মন, নেমকেয়াৰ গ্ৰুপ অৱ ইনষ্টিটিউটৰ অধ্যক্ষ ড ভাৰ্গৱজ্যোতি চহৰীয়াকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আৰম্ভণিতে নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্রীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে আৰু এটি সুন্দৰ সমবেত সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়ায়। ইয়াৰ পিছত আদৰণি ভাষণ আগবঢ়াই নেমকেয়াৰ স্কুল এণ্ড কলেজ অফ নাৰ্চিঙৰ অধ্যক্ষা পাপৰি পাঠক চৌধুৰীয়ে। এই অনুষ্ঠানৰ পিছতে বন্তি জ্বলাই আজিৰ আকৰ্ষণীয় জিএনএম আৰু বিএচচি নাৰ্চিঙৰ ছাত্র ছাত্রীৰ শপত গ্ৰহণ অনুষ্ঠানটি আৰম্ভ কৰে অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট অতিথি সকলে। শপত গ্ৰহণ অনুষ্ঠানত শিক্ষাৰ্থী সকলে কেণ্ডেল জ্বলাই শাৰী শাৰীকৈ থিয় দি পিছত নাঈটিংগেলৰ প্ৰতিচ্ছবিৰ সন্মুখত জ্বলন্ত কেণ্ডেলৰ এক থাপনা পাতে। লগতে তেওঁলোকক শপত বাক্য পাঠ কৰাই মানৱ সেৱাৰ মহত্ত্ব প্ৰকাশ পোৱা আৰু উৎসৰ্গিত সংগীত পৰিৱেশন কৰায়। অনুষ্ঠানত অতিথি সকলে মানৱীয়  সেৱাৰ দ্বাৰা সমাদৃত হবলৈ তথা জীৱনত কিবা এটা পাবলৈ যুজঁ কৰিবলৈ আহ্বান জনায়। শেষত শলাগৰ শৰাই আগবঢ়াই স্কুল এণ্ড কলেজ অফ নাৰ্চিঙৰ প্ৰৱক্তা ৰিৱংকা শ্লামে। এই অনুষ্ঠানত মিৰ্জা, পলাশবাৰী অঞ্চলৰ বহু শৈক্ষিক প্ৰতিষ্ঠানৰ শিক্ষক তথা শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা দেখা যায়।

Be the first to comment

Leave a Reply

Your email address will not be published.


*