আজাৰা গাঁও পঞ্চায়তত কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ৰাজ্যৰ সমাগত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ জনপ্ৰতিনিধি সকলৰ মাজত উন্নয়নৰ ধাৰা অব্যাহত ৰখাৰ তৎপৰতা বৃদ্ধি পাইছে । ইয়াৰ অংশ হিচাপে আজি পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ আজাৰা গাওঁ পঞ্চায়ত এলেকাত কেবাটাও জনহিতকৰ কামৰ আধাৰশিলা আনুষ্ঠানিক ভাৱে স্থাপন কৰে । এই উপলক্ষে অনুষ্ঠিত শুভ উন্মোচনী অনুষ্ঠান ত উপস্থিত থাকি বিধায়ক কলিতাই ভাষণ প্ৰসংগত কয় যে -“পশ্চিম গুৱাহাটী সমষ্টিটো মোৰ অতি আপোন । বাৰেবৰণীয়া জনগোষ্ঠীৰ মিলনভূমি পশ্চিম গুৱাহাটী সমষ্টিটো । ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত পশ্চিম গুৱাহাটী সমষ্টিটোৰ মৰ্যাদা কোনো গুণে কম নহয় । ৰাজনৈতিক জীৱনৰ যাত্ৰা আৰম্ভণি কৰা এই সমষ্টিটোৰ উন্নয়নৰ বাবে বিগত সময়ত পাহাৰ – ভৈয়ামৰ সকলো শ্ৰেণীৰ জনগণৰ আত্মীক সহায় – সহযোগিতাৰে যথেষ্ট সংখ্যক উন্নয়নমূলক কাম কৰাৰ সুযোগ লাভ কৰিছো আৰু পৰৱৰ্তী সময়তো সমষ্টিবাসী জনগণৰ আশীৰ্বাদ শিৰত লৈ সমষ্টিটোৰ উন্নয়নৰ হকে কাম কৰি যাম বুলি আজি মই প্ৰতিশ্ৰুতিবদ্ধ । আপোনালোকৰ এধানি স্নেহাশিসেই হ’ব মোৰ পৰৱৰ্তী ৰাজনৈতিক জীৱনৰ অমূল্য সম্পদ । আধাৰশিলা স্থাপন কৰি কামখিনি যাতে নিয়াৰিকৈ সম্পাদন হয় তাৰ বাবে সকলোকে দৃষ্টি দিবলৈ আহ্বান জনাই বিধায়ক কলিতাই । আধাৰশিলা স্থাপন অনুষ্ঠানটোত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মা , আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা , অগপৰ কামৰূপ জিলাৰ সম্পাদক পৰেশ বৰুৱা , আজাৰা পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপি , সচিব মৃদুল দাস , সহকাৰী অভিযন্তা মনিষা ৰাজকোঁৱৰ , কণিষ্ঠ অভিযন্তা গণেশ দাস , অগপৰ আজাৰা অঞ্চলিকৰ সভাপতি চন্দ্ৰধৰ দাসকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*