পলাশবাৰীৰ দখলাত প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তি উন্মোচন

পলাশবাৰীৰ দখলা বণিয়াপাৰাত শিক্ষক তথা সমাজসেৱক প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ ইহলীলা সম্বৰণ কৰাৰ এবছৰ সম্পূৰ্ণ হোৱাত আজি তেওঁৰ নিজ বাসগৃহত এটি প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। প্ৰয়াত ললিত চন্দ্ৰ কলিতাৰ প্ৰতিমূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গৱেষক ভূৱিন ৰাভাই। বন্তি প্ৰজ্বলন কৰে লোককৃষ্টিৰ সাধক সুকুমাৰ মেধীয়ে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক কবি এডৱাৰ্ড ষ্টেডি.এন.চাংমা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। প্ৰতিমূৰ্তিটো উন্মোচন কৰি ভুবিন ৰাভাই প্ৰয়াত শিক্ষক ললিত চন্দ্ৰ কলিতাৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সভাপতি তিলক গোস্বামী, ডা: নগেন দলৈ, পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, সমাজ সেৱক পংকজ লোচন গোস্বামী, দীনেশ দাস, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, বিজেপি কৰ্মী জীতু নাথ, অঞ্জন গোস্বামী, অনুপ মেধী, ভুমিধৰ দাস, কণ্ঠশিল্পী অসীম ৰঞ্জন আদিকে ধৰি অঞ্চলটোৰ লোকসকল উপস্থিত থাকে। সমাজ চেতনাৰ অলংকাৰিক অভিধানখন বোকোচাত কঢ়িয়াই তিনিকুৰি সাতটা বসন্ত গচকি কোনোদিনেই উভতি নহাৰ বাটেৰে গুচি যোৱাৰ এটা বছৰ পূৰ্ণ হোৱাৰ দিনটোত পৰিয়ালেললে আদৰ্শনীয় পদক্ষেপ। ১৯৫৩ চনৰ পহিলা নৱেম্বৰৰ দিনা নৈপৰীয়া পৰিৱেশৰ এই সংসাৰলৈ আহি ৬৭ বছৰ বয়সত ২০২০ চনৰ ২৫ আগষ্টৰ সন্ধিয়া হঠাতে অজান দেশলৈ যোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল। এগৰাকী সফল স্বামী আৰু পিতৃ হোৱাৰ লগতে শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত থাকি বহুতক পোহৰৰ বাট দেখুৱাইছিল। সেইসকলে আজি তেওঁৰ শূন্যতা বাৰুকৈয়ে উপলব্ধি কৰি অতীত ৰোমন্থন কৰে। তেওঁৰ জীৱনজোৰা সাধনা আৰু কৰ্মৰাজী আমাৰ মাজত অমৰ হৈ থাকিব বুলি অধ্যাপক কবি এডৱাৰ্ড ষ্টেডি.এন.চাংমা আৰু দীনেশ দাসে একেমুখে মন্তব্য কৰি তেওঁৰ স্মৃতিত এটা পুথিভঁৰাল নিৰ্মাণ কৰাৰ বাবে আহ্বান জনায়। সংগীত শিল্পী দিলীপ নাথে পৰিচালনা কৰা এই প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত লেখক সাংবাদিক পুত্ৰ কিশোৰ কুমাৰ কলিতাই মাতৃ পুতলি কলিতাৰ সহযোগত পিতৃৰ প্ৰতিমূৰ্তি চোতালত স্থাপন কৰি আদৰ্শৰ বাট দেখুওৱা বুলি উপস্থিত সকলোৱে প্ৰশংসা কৰে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*