বিটিচিৰ ১২খন আসনতেই মহাজোঁটৰ প্ৰাৰ্থী জয় হোৱাটো নিশ্চিত—–প্ৰবীণ বড়ো টিহু — বিটিচিৰ ১২খন বিধানসভাৰ আসনতেই মহাজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব আৰু ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’ব | কাৰণ অসমৰ ৰাজনীতিৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি বিপিএফ দল যাৰ সমৰ্থনত থাকে,তেওঁলোকেই চৰকাৰ গঠন কৰিব পাৰে | আজি বৰমা সমষ্টিৰ অন্তৰ্গত টিহুৰ নাথকুছিত এইদৰে কয় বৰমা সমষ্টিৰ মহাজোঁটৰ অন্তৰ্গত বিপিএফ প্ৰাৰ্থী প্ৰবীণ বড়োই | এখন নিৰ্বাচনী সভালৈ অহা বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক গৰাকীয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে বিজেপিয়ে কা আইন অসমত প্ৰৱৰ্তন কৰি অসমীয়া জাতীয় জীৱনলৈ বিপদ মাতি আনিছে , বিজেপিৰ নেতাই সভাই সমিতিয়ে শালীনতাহীন কথাৰে ৰাজনীতিৰ প্ৰতি শিক্ষিতচামক বীতশ্ৰদ্ধ কৰি তুলিছে আৰু অসমৰ সমাজজীৱনত জাতি-জনগোষ্ঠীৰ মাজত থকা সম্প্ৰীতি বিনষ্ট কৰিছে এই কথাবোৰ মই সমৰ্থন কৰিব নোৱাৰো | প্ৰাক্তন ছাত্রনেতা বড়োই পুনৰ কয় যে বৰমা সমষ্টিত প্ৰধানকৈ বানপানী,খহনীয়া,নিৱনুৱা ৰাষ্টা-ঘাট ,শৈক্ষিক সমস্যা আদিৰে জৰ্জৰিত হৈ আছে | এইবোৰ সমস্যা সমাধানৰ ক্ষেত্রত মই বিশেষ গুৰুত্ব আৰোপ কৰিম বুলিও মন্তৱ্য কৰে |

Be the first to comment

Leave a Reply

Your email address will not be published.


*