এইচডিএফচি বেংকক ভাৰতৰ শ্ৰেষ্ঠ এছএমই বেংকৰ সন্মান এছিয়ামানিৰ

এইচডিএফচি বেংকে এছিয়ামনিৰ শ্ৰেষ্ঠ বেংক এৱাৰ্ড ২০২১ লাভ কৰিছে। বেংকটোক এছিয়ামানিৰ দ্বাৰা ‘এছএমইৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ বেংক’ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ মূল্যায়নৰ বিষয়ে এই মেগাজিনে নিজা ৱেবছাইটত উল্লেখ কৰিছে – “এইচডিএফচি বেংকে যোৱা কেইবাবছৰ ধৰি মাইক্ৰ’, স্মল আৰু মিডিয়াম আকাৰৰ এন্টাৰপ্ৰাইজ (এমএছএমই) ব্যৱসায়ত যি পৰিৱৰ্তন সাধন কৰিছে তাৰ বাবে এই বঁটা লাভ কৰিছে।’ এছিয়ামানিয়ে লিখিছে-‘এমএছএমই ঋণৰ বাবে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত এইচডিএফচি বেংকে ২০২০ৰ ৩১ ডিচেম্বৰলৈ এমএছএমই বৰ্ধিত মূল্য ২.০২ ট্ৰিলীয়ন ( ২৮ বিলিয়ন ডলাৰ) হয়, যিটো যোৱা বছৰৰ তুলনাত ৩৮ শতাংশ বৃদ্ধি পায় আৰু যোৱা ছবছৰত ২৩ শতাংশ বাৰ্ষিকী বৃদ্ধি পায় । – প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে HDFC কৰ্তৃপক্ষই । এইচডিএফচি বেংকৰ পাইকাৰী বেংকিং গ্রুপৰ প্ৰমুখ ৰাহুল শুক্লাই কয়- ‘এছএমই ব্যৱসায়ত আমাৰ কাম চিনাক্ত হোৱা আৰু এই গুৰুত্বপূৰ্ণ খণ্ডত অৰিহণা যোগাবলৈ সক্ষম হোৱা দেখি আমি অধিক আনন্দিত।’ তেওঁ আৰু কয়- ‘এছএমই হৈছে অৰ্থনৈতিক বিকাশৰ ইঞ্জিন আৰু তেওঁলোকৰ সৈতে অংশীদাৰিত্বৰে দেশৰ সামগ্ৰিক সমৃদ্ধিত সহায় হয়। ইয়াত আমাৰ শক্তিশালী গুণগত সামগ্ৰীৰ সৈতে সুবিধাজনকভাৱে প্ৰৱেশ কৰিব পাৰো। আমি বিশ্বাস কৰোঁ যে তেওঁলোকৰ পছন্দৰ সহযোগী হ’বলৈ কাষত আছোঁ।’

Be the first to comment

Leave a Reply

Your email address will not be published.


*