এইচডিএফচি বেংক ক ভাৰতৰ শ্ৰেষ্ঠ এছএমই বেংকৰ সন্মান এছিয়ামানিৰ
বেংকে ইয়াৰ এমএছএমই ব্যৱসায়ৰ পৰিৱৰ্তনৰ বাবে সন্মানীয় বঁটা লাভ কৰে

গুৱাহাটী, ২৫ মাৰ্চ, ২০২১: এইচডিএফচি বেংকে এছিয়ামনিৰ শ্ৰেষ্ঠ বেংক এৱাৰ্ড ২০২১ লাভ কৰিছে। বেংকটোক এছিয়ামানিৰ দ্বাৰা ‘এছএমইৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ বেংক’ হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ মূল্যায়নৰ বিষয়ে এই মেগাজিনে নিজা ৱেবছাইটত উল্লেখ কৰিছে – “এইচডিএফচি বেংকে যোৱা কেইবাবছৰ ধৰি মাইক্ৰ’, স্মল আৰু মিডিয়াম আকাৰৰ এন্টাৰপ্ৰাইজ (এমএছএমই) ব্যৱসায়ত যি পৰিৱৰ্তন সাধন কৰিছে তাৰ বাবে এই বঁটা লাভ কৰিছে।’

হংকংৰ পৰা প্ৰকাশ পোৱা এই বিত্তীয় আলোচনীখনৰ বাৰ্ষিকী সমীক্ষাৰ লক্ষ্য হৈছে যোৱা ১২ মাহত বিভিন্ন মূল বেংকিং কাৰ্যকলাপত উৎকৃষ্টতা লাভ কৰিছে তাৰ ওপৰত জৰীপ চলাই চিনাক্ত কৰা। এছিয়ামানিৰ এৱাৰ্ড বাছনি কৰে এখন উচ্চস্তৰিয় কমিটিয়ে। বেংকিং আৰু মূলধন বজাৰৰ বিতং তথ্য অর্জন কৰি কমিটিখনে এৱাৰ্ডৰ সিদ্ধান্ত লয়। এই কমিটিখনত জ্যেষ্ঠ সাংবাদিকৰ এটা দল আছে। আনহাতে গ্ৰাহক আৰু প্ৰতিযোগীৰ মতামতৰ বাবে আলোচনীখনৰ জ্যেষ্ঠ সম্পাদকসকলেও আগশাৰীৰ বেংকাৰসকলক লগ কৰিবলৈ আৰু একত্ৰিত কৰিবলৈ প্ৰতিখন দেশ বা অঞ্চল ভ্ৰমণ কৰে।
এছিয়ামানিয়ে লিখিছে-‘এমএছএমই ঋণৰ বাবে ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বেংক হিচাপে পৰিগণিত এইচডিএফচি বেংকে ২০২০ৰ ৩১ ডিচেম্বৰলৈ এমএছএমই বৰ্ধিত মূল্য ২.০২ ট্ৰিলীয়ন ( ২৮ বিলিয়ন ডলাৰ) হয়, যিটো যোৱা বছৰৰ তুলনাত ৩৮ শতাংশ বৃদ্ধি পায় আৰু যোৱা ছবছৰত ২৩ শতাংশ বাৰ্ষিকী বৃদ্ধি পায়।বেংকৰ ব্যৱস্থাপনাই লগতে এইটো বিশ্বাস কৰে যে এমএছএমই ঋণ দান বুক শীঘ্ৰেই বেংকৰ কৰ্পোৰেট বুকতকৈ আকাৰ ডাঙৰ হ’ব।” লগতে লিখিছে, “ইয়াৰ পাইকাৰী বেংকিং বিভাগত এমএছএমই ব্যৱসায় যোৱা বর্ষত দ্বিতীয় সৰ্ববৃহৎ ৰাজহ উপার্জনকাৰী হৈ পৰিছিল। কিন্তু কৰ্পোৰেট বেংকিং আৰু ব্যৱসায়ী বেংকিং গ্রুপৰ মুৰব্বী ৰাহুল শুক্লাৰ অধীনত মানদণ্ডৰ চোৱাৰ বাবে এছমিই (SME) গ্ৰাহক পঠিয়াই দিয়া হয়। য’ত মানদণ্ডৰ ব্যয়ত নাথাকে ব্যৱসায়িক বেংকিং।আনহাতে এছেট(Asset)ৰ মানদণ্ড শক্তিশালী হৈ থাকে যদিও ব্যৱসায়ৰ ওপৰত ক’বিড-১৯ৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়। ২০২০ৰ ডিচেম্বৰলৈ বেংকৰ এমএছএমইৰ লগত জড়িত নন’-পাৰ্ফৰ্মিং এছেট (এনপিএ)ৰ আছিল ০.৭ শতাংশ,যিটো ২০২০ৰ মাৰ্চ ১.৩৩ শতাংশ আৰু ২০১৯ৰ মাৰ্চৰ ১.১৬ শতাংশৰ তুলনাত হ্ৰাস পাইছিল।”

এইচডিএফচি বেংকৰ পাইকাৰী বেংকিং গ্রুপৰ প্ৰমুখ ৰাহুল শুক্লাই কয়- ‘এছএমই ব্যৱসায়ত আমাৰ কাম চিনাক্ত হোৱা আৰু এই গুৰুত্বপূৰ্ণ খণ্ডত অৰিহণা যোগাবলৈ সক্ষম হোৱা দেখি আমি অধিক আনন্দিত।’ তেওঁ আৰু কয়- ‘এছএমই হৈছে অৰ্থনৈতিক বিকাশৰ ইঞ্জিন আৰু তেওঁলোকৰ সৈতে অংশীদাৰিত্বৰে দেশৰ সামগ্ৰিক সমৃদ্ধিত সহায় হয়। ইয়াত আমাৰ শক্তিশালী গুণগত সামগ্ৰীৰ সৈতে সুবিধাজনকভাৱে প্ৰৱেশ কৰিব পাৰো। আমি বিশ্বাস কৰোঁ যে তেওঁলোকৰ পছন্দৰ সহযোগী হ’বলৈ কাষত আছোঁ।’

Be the first to comment

Leave a Reply

Your email address will not be published.


*