এইচডিএফচি বেংকে মুকলি কৰিলে ৫ম পৰিৱৰ্তনস্মাৰ্টআপ গ্ৰাণ্ট

১৫ কোটি টকালৈকে অনুদানৰ বাবে বাজেট
আৱণ্টন

● পৰিৱেশ, স্বাস্থ্য আৰু লিংগৰ বৈচিত্ৰ্য
ওপৰত গুৰুত্ব দিয়া ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰৰ পৰা বিচাৰিছে আৱেদন

গুৱাহাটী, ১০ নৱেম্বৰ, ২০২১: এইচডিএফচি বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ পঞ্চম সংস্কৰণৰ বাবে আজিৰে পৰা আবেদনৰ দুৱাৰ মুকলি কৰিছে।কৰ্পোৰেট সামাজিক দায়বদ্ধতাৰ এক অংশৰূপে এইচডিএফচি বেংকে এই বাৰ্ষিকী কাৰ্যসূচীত সামাজিক ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰৰ #Parivartan অধীনত পুঁজি যোগান ধৰি আহিছে। চলিত বৰ্ষত এই বেংকে স্মাৰ্টআপ গ্ৰাণ্টৰ বাবে ১৫ কোটি টকালৈকে আৱণ্টন কৰিছে। ইয়াৰ বাবে বেংকে ১২-১৫টা ইনকিউবেটৰ আৰু পৰিৱেশ, স্বাস্থ্যসেৱা, লিংগ আৰু বৈচিত্ৰ্য খণ্ডত কাম কৰা প্ৰায় ৫০টা ষ্টাৰ্ট-আপ বাছনি কৰিব। আৱেদন দাখিল কৰাৰ সময়সীমা হৈছে ২০২১ৰ নৱেম্বৰৰ তৃতীয় সপ্তাহ আৰু বিজয়ীসকলৰ নাম ২০২২ৰ ফেব্ৰুৱাৰীত ঘোষণা কৰিব। এতিয়ালৈকে বেংকে ২২ টা ইনকিউবেটৰ অংশীদাৰৰ জৰিয়তে ২০ কোটি টকা ৯০ টা ষ্টাৰ্ট-আপলৈ বিতৰণ কৰিছে, যি কেইটাই কৃষি ব্যৱসায়, এড-টেক, আৱৰ্জনা ব্যৱস্থাপনা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশ খণ্ডবোৰত কাম কৰি আছে।

চলিত বৰ্ষত বেংকে ১৫ কোটি টকালৈকে বিতৰণ কৰাৰ বাবে দুটা পৃথক পদ্ধতিৰ প্ৰস্তাৱ আগবঢ়াইছে। সেইবোৰ হৈছে : সপ্তম অনুসূচী অনুসৰি যোগ্য ইনকিউবেটৰ কোম্পানী আইন, ২০১৩ আৰু কোম্পানী (কৰ্পোৰেট সামাজিক দায়বদ্ধতা নীতি) নিয়ম ২০১৪ৰ অধীনত অনুদান কাৰ্যকৰী কৰিবলৈ তেওঁলোকৰ সামৰ্থ্য প্ৰস্তুত কৰিব, যি চিএছআৰ কাৰ্যসূচীৰ প্ৰয়োজনীয়তাৰ ওপৰত আধাৰিত প্ৰক্ৰিয়া হ’ব।ইনকিউবেটৰবোৰেও প্ৰ’গ্ৰাম ফোকাচ এলেকাসমূহৰ সৈতে সংৰেখি(align)ত ষ্টাৰ্ট-আপৰ এক দীঘলীয়া তালিকা অনুসূচী সপ্তমৰ অধীনত যোগ্য ষ্টাৰ্ট-আপসমূহ কোম্পানী আইন, ২০১৩ আৰু কোম্পানীবোৰ (কৰ্পোৰেট সামাজিক দায়বদ্ধতা নীতি) নিয়ম ২০১৪ অধীনত প্ৰস্তুত কৰা আৰু সামগ্ৰী বা প্ৰক্ৰিয়া অথবা সেৱাৰ উদ্ভাৱন, বিকাশ বা উন্নতিৰ দিশত কাম কৰা, যদি ই এক স্কেলেবল ব্যৱসায়িক আৰ্হি হয়, যাৰ নিযুক্তি সৃষ্টি বা সম্পদ সৃষ্টিৰ উচ্চ সম্ভাৱনা আছে তাক প্ৰয়োগ কৰা।

এই সন্দৰ্ভত এইচডিএফচি বেংকৰ বিত্ত ব্যৱসায়, আন্তঃগাঁথনি আৰু চিএছআৰৰ দলীয় মুৰব্বী অসীমা ভাটে কয়,” স্মাৰ্টআপ অনুদানৰে সামাজিক উদ্যোগীসকলক সমৰ্থন আৰু প্ৰতিপালন কৰি অহা হৈছে। লগতে ভাৰতৰ উদ্ভাৱনী ব্যৱসায়ৰ প্ৰয়োজনৰে সমাজৰ প্ৰয়োজনীয়তাবোৰ সমাধান কৰা হৈছে। আমি ষ্টাৰ্ট-আপ আৰু ইনকিউবেটৰ দুয়োটা আৱিষ্কাৰ আৰু প্ৰতিপালন কৰিবলৈ চেষ্টা কৰি তিনিটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰাত নামি পাৰিছোঁ।সেই তিনিটা হৈছে- পৰিৱেশ- প্ৰাকৃতিক পৃথিৱীৰ সংৰক্ষণ; স্বাস্থ্য -স্বাস্থ্যসেৱাৰ উন্নতি সাধন আৰু লিংগ বৈচিত্ৰ্য – লিংগ সমতা উন্নত কৰা। ইয়াক
পৰিৱৰ্তন কাৰ্যসূচীৰ অধীনত কৌশলগত লক্ষ্যৰে কাম কৰি থকা হৈছে।”

সংক্ষিপ্ত তালিকাভুক্ত ইনকিউবেটৰ আৰু ষ্টাৰ্ট-আপবোৰৰ নাম নৱেম্বৰৰ শেষৰ ফালে ঘোষণা হ’ব আৰু এইচডিএফচি বেংকৰ শীৰ্ষ ব্যৱস্থাপনা অন্তৰ্ভুক্তিৰ স্ক্ৰীণিং পেনেললৈ আমন্ত্ৰণ জনাব।ইয়াৰ বাবে যথাযথ প্ৰতিষ্ঠানবোৰৰ তালিকাভুক্ত ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু চূড়ান্ত বিজয়ীসকলৰ নাম ২০২২ৰ ফেব্ৰুৱাৰীত ঘোষণা হ’ব।স্মাৰ্টআপ গ্ৰাণ্ট হৈছে এইচডিএফচি বেংকৰদ্বাৰা ষ্টাৰ্ট-আপ স্থানত উদ্ভাৱন আৰু উদ্যোগৰ মনোভাৱ প্ৰতিপালনৰ বাবে এক ইকচিষ্টেম সৃষ্টি কৰাৰ বৃহত্তৰ প্ৰচেষ্টাৰ এটা অংশ।এইটো এইচডিএফচি বেংকৰ এক সম্প্ৰসাৰণ স্মাৰ্টআপ ছলিউচন, যাৰ জৰিয়তে বেংকে দৰ্জী-মেড বেংকিং আৰু পৰামৰ্শমূলক সমাধান আগবঢ়ায় উদ্যোগীসকলক।

এই যাত্ৰাটো স্মাৰ্টআপ ছলিউচন মুকলিৰ সৈতে আৰম্ভ হৈছিল, যি আৰম্ভণিতে ষ্টাৰ্ট-আপৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে বেংকিং ছলিউচন আগবঢ়াইছিল। তাৰ ভিতৰত বেংকিং,পেমেন্ট ছলিউচনসহ এক্স চাৰ্ভিছক ইয়াৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱা। বেংকে এতিয়ালৈ সমগ্ৰ দেশৰ ৩০খন চহৰৰ ৬৭টাতকৈ অধিক ব্ৰান্সক স্মাৰ্টআপ জ’নৰূপে গঢ়ি তুলিছে। যাৰ ভিতৰত আছে টিয়েৰ ২ আৰু ৩ চহৰ, যিবোৰ ষ্টাৰ্ট-আপ কেন্দ্ৰ হিচাপে উদীয়মান হৈছে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*