নকিয়াৰ সৈতে অংশীদাৰীত্বৰে ৭০০ মেগাহাৰ্জ বেণ্ডত ভাৰতৰ প্ৰথম ৫জি পৰীক্ষণ এয়াৰটেলৰ

গুৱাহাটী, : ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (“এয়াৰটেল”)এ আজি নকিয়াৰ সৈতে অংশীদাৰীত্বৰে ৭০০ মেগাহাৰ্জ বেণ্ডত ভাৰতৰ প্ৰথম ৫জি পৰীক্ষণ সফলতাৰে
পৰিচালনা কৰিছে বুলি অৱগত কৰিছে।চৰকাৰৰ দূৰসংযোগ বিভাগে ৫জি প্ৰযুক্তিৰ বৈধতা আৰু ব্যৱহাৰৰ কেচৰ বাবে এয়াৰটেলক একাধিক বেণ্ডত পৰীক্ষণৰ স্পেকট্ৰাম আৱণ্টন কৰিছে।

কলকাতাৰ উপকণ্ঠত চলোৱা এই পৰীক্ষণটো পূব ভাৰতৰ প্ৰথম ৫জি পৰীক্ষণ আছিল।

এয়াৰটেল আৰু নকিয়াৰ ৭০০ মেগাহাৰ্জ বেণ্ডৰ
বৰ্ধিত প্ৰসাৰৰ বৈশিষ্ট্যবোৰত ব্যৱহাৰ কৰা হৈছিল দুটা ৩জিপিপিৰ মাজত ৪০ কিলোমিটাৰ উচ্চ গতিৰ ৱায়াৰলেচ ব্ৰডবেণ্ড নেটৱৰ্ক, যি ৫জি ছাইটত বাস্তৱ জীৱনৰ স্থিতিত মানক কভাৰেজ প্ৰাপ্ত কৰিবলৈ সক্ষম। এয়াৰটেলে নকিয়াৰ ৫জি পৰ্টফলিঅ’ৰ সঁজুলি ব্যৱহাৰ কৰিছিল, যিটো নকিয়া এয়াৰস্কেল ৰেডিঅ’ আৰু ষ্টেণ্ডএলোন (এছএ) কোৰ অন্তৰ্গত আছিল।

এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ চিটিঅ’ ৰণদীপ সিং চেখোনে কয়- “২০১২ চনত কলকাতাত এয়াৰটেলে ভাৰতৰ প্ৰথম ৪জি সেৱা মুকলি কৰিছিল । আজি আমি প্ৰযুক্তিৰ মানদণ্ডৰ শক্তি প্ৰদৰ্শন কৰিবলৈ এই চহৰখনত ৭০০ মেগাহাৰ্জ ব্ৰেণ্ডত ভাৰতৰ প্ৰথম ৫জি ডেমো পৰিচালনা কৰি আনন্দিত হৈছোঁ। আমি বিশ্বাস কৰোঁ যে আগন্তুক নিলামত ৫জি স্পেকট্ৰামৰ সঠিক মূল্য নিৰ্ধাৰণ হ’ব আৰু ভাৰতে ডিজিটেল ডিভিডেণ্ড আনলক কৰিব পাৰিব।লগতে ব্ৰডবেণ্ডৰ সৈতে সমাজৰ সকলোকে সংযুক্ত কৰিব পাৰিব।”

নকিয়াৰ ভাৰতী চিটিৰ মুৰব্বী আৰু ভিপি নৰেশ আচিজাই কয়-” সমগ্ৰ বিশ্বৰ যোগাযোগ সেৱা
প্ৰদানকাৰীসকলক দূৰৱৰ্তী এলেকাত সীমিত ব্যয়ৰ মোবাইল ব্ৰডবেণ্ড সেৱা প্ৰদানৰ বাবে
৭০০ মেগাহাৰ্জ স্পেকট্ৰাম ব্যৱহাৰ কৰি ৫জি ডিপ্লয়মেণ্ট কৰা হৈছে, য’ত সাধাৰণতে নেটৱৰ্ক
আন্তঃগাঁথনি স্থাপন কৰাটো এক প্ৰত্যাহ্বানজনক আছিল। বিশ্বব্যাপী ৫জি ইক’চিষ্টেম বিকাশত নকিয়া শীৰ্ষস্থানত আছে আৰু আমি এয়াৰটেলক ইয়াৰ ৫জি যাত্ৰাত সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছোঁ।”

এয়াৰটেলে ভাৰতত ৫জিৰ নেতৃত্ব দি আছে। এই বছৰৰ আৰম্ভণিতে এয়াৰটেলে ভাৰতৰ প্ৰথম ৫জি অভিজ্ঞতা প্ৰদৰ্শন কৰিছিল এটা লাইভ ৪জি নেটৱৰ্কৰ ওপৰত। ই ভাৰতৰ প্ৰথম গ্ৰাম্য ৫জি পৰীক্ষণৰ লগতে প্ৰথম ক্লাউড
গেমিং অভিজ্ঞতাও আছিল ৫জিৰ ওপৰত।
#5GforBusiness অংশ হিচাপে, এয়াৰটেলে আগশাৰীৰ বাহিনীত যোগদান কৰিছে।তেওঁলোকে বিশ্বব্যাপী পৰামৰ্শ আৰু প্ৰযুক্তি কোম্পানী আৰু ব্ৰেণ্ডবোৰৰে ৫জি আধাৰিত সমাধান পৰীক্ষণ কৰিব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*