ৰাণীত ভাৰত চকাৰৰ দক্ষতা বিকাশ কাৰ্যসূচীৰ সফল সামৰণি
২৫ গৰাকী হিতাধিকাৰীক হস্ততাঁত প্ৰদান
পশ্চিম গুৱাহাটীৰ ৰাণীৰ বাহুপাৰাত যোৱা ২ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ তিনিমহীয়া ভাৰত চৰকাৰৰ দ্বাৰা বিকল্প জীৱিকা পদ্ধতিৰ ওপৰত দক্ষতা বিকাশৰ এক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি বিত্ত আৰু উন্নয়ন নিগম (এন.এছ. টি.এফ.ডি.চি) ৰ পৃষ্ঠাপোষকতাত আৰু ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান (আই.আই.ই)য়ে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ সফল সামৰণি অনুষ্ঠান সম্পন্ন হয়। অনগ্ৰসৰ ঐতিহাসিক বৃহত্তৰ ৰাণী গ্ৰাম্যঞ্চলৰ ২৫ গৰাকী জনজাতি মহিলাক বিগত তিনিমাহে অভিজ্ঞতাপুষ্ট প্ৰশিক্ষকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ মুল উদ্দেশ্যেৰে আধুনিক কাৰিকৰী পদ্ধতিৰে এৰি, কপাহী কাপোৰ বোৱা আৰু বজাৰৰ চাহিদা পূৰণৰ বাবে সূতাৰ বাহিৰে আন সামগ্ৰী প্ৰস্তুতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে। এই সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰ্যালয়ৰ এন.এছ.টি.এফ.ডি চিৰ. চি এম ডি অছিত গোপাল, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়াণ কলিতাৰ লগতে আই.আই. ইৰ সঞ্চালক ড° অভিজিৎ শৰ্মা, আই আই ই-এন এছ টি এফ ডি চি, আন্তঃগাথনি প্ৰদান কৰা জ্যোতি উদ্যোগ, প্ৰযুক্তি সংস্থা-আভা ফাউণ্ডেচনৰ অনু মণ্ডল, অৰূপ বৈশ্য, মুল প্ৰশিক্ষকসকল আৰু প্ৰকল্প অঞ্চলৰ হিতাধিকাৰীসকল । অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা ভাৰত চৰকাৰৰ জনজাতি কল্যাণ মন্ত্ৰ্যালয় এন.এছ.টি.এফ.ডি.চিৰ.চি এম ডি অছিত গোপালে কয় যে উত্তৰ-পূৱ ভাৰতৰ শিল্প পৰম্পৰা কেৱল ৰুচি নহয়, এয়া বাণিজ্যিক উদ্যোগো নহয়, বৰঞ্চ ই হৈছে এই অঞ্চলৰ জীৱন আৰু পৰম্পৰাৰ এক অভিন্ন অংগ। জনজাতি মহিলাসকলক সফল উদ্যোমী হিচাপে গঢ়ি তোলাত এই কাৰ্যসূচীয়ে নিশ্চয় সহায় কৰিব বুলি মন্তব্য আগবঢ়ায়। অনুষ্ঠানত পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসঙ্গত ভাৰতবৰ্ষৰ ভিতৰত ৩৩% শিপিনী থকা ৰাজ্যৰ পশ্চিম গুৱাহাটীৰ ৰাণীৰ উদ্যমী এইসকল মহিলাৰ বাবে এই কাৰ্যসূচী ৰূপায়ণে যথেষ্ট লাভাৱান হোৱাৰ লগতে বিগত সময়ছোৱাত শিপিনীসকলক যথেষ্ট অনুদান প্ৰদান কৰাৰ লগতে পৰৱৰ্তী সময়ত এনেধৰণৰ কাৰ্যসূচীত সহায়-সহযোগিতা কৰিব বুলি বিধায়ক কলিতাই মন্তব্য কৰে। অনুষ্ঠানৰ শেষত প্ৰশিক্ষাৰ্থীসকলৰ মাজত একোখনকৈ প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়।