পলাশবাৰীৰ বঙৰাত মোৰ ৰেচম মোৰ অভিযান” শীৰ্ষক ক্ষেত্ৰ পদৰ্শন অনুষ্ঠান

0

১৪ আগষ্ট :: গুৱাহাটী খানাপাৰাস্থিত কেন্দ্রীয় ৰেচম বোর্ডৰ উদ্যোগত আৰু জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সহযোগত পলাশবাৰীৰ পলাশবাৰী বঙৰাৰ জনকল্যাণ পুথি ভড়ালৰ প্ৰেক্ষাগৃহত আজি “মোৰ ৰেচন মোৰ অভিযান” শীৰ্ষক এটি ক্ষেত্ৰ প্ৰদৰ্শন অনুষ্ঠান অনুষ্ঠিত হয়। বঙৰা অঞ্চলৰেই উদ্যমী মহিলা লতিকা নাথৰ প্ৰচেষ্টাত অনুষ্ঠিত প্ৰশিক্ষণত কাৰ্যসূচী জ্ঞান বিজ্ঞান সমিতি কামৰূপ জিলাৰ সভাপতি মুনীন্দ্র দাসে আদৰণী ভাষণত কয় যে-এই অঞ্চলৰ মহিলাসকলে যথেষ্ট আগ্ৰহী। আজি উপস্থিত থকা প্ৰায় সংখ্যক মহিলাৰ ঘৰে ঘৰে বোৱা কটা কৰাৰ লগতে শাল আছে। এই অঞ্চলৰ এণ্ডি কাপোৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হায়দৰাবাদলৈ যায়। লগতে আগন্তুক সময়ত এই অঞ্চলত বোৰ্ডৰ তৰফৰ পৰা এটি এড়ি আৰু মুগাৰ বোৱা, কটা আৰু শালবোৱা প্ৰশিক্ষণ দিয়া হ’ব বুলি কয়।অনুষ্ঠানত খানাপাৰাস্থিত মূগা আৰু এড়ি পলু সঁচ উৎপাদন সংস্থাৰ সঞ্চালক ড০ এম মহেশ্বৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত বৰ্তমান অত্যাধুনিক মেচিনৰ সহায়ত কম সময়তে কেনেদৰে এৰি আৰু মুগা কাটি অধিক স্বাৱলম্বী হ’ব পাৰে সেই বিষয়ে ভাষণ প্ৰসংগত কয়। অনুষ্ঠানত কেন্দ্ৰৰ ক্ষেত্ৰীয় ৰেচম উদ্যোগিক গৱেষণা কেন্দ্ৰৰ বৈজ্ঞানিক ‘বি’ অভিষেক ত্ৰিপাঠি, জ্যেষ্ঠ কাৰিকৰী সহায়ক অনুপ বৰ্মন উপস্থিত থাকি মুগা কিমান বিধ, কোনবোৰ মুগাৰ আঁহ বেছি লগতে বজাৰ মূল্য বছৰি লাভ আদি সন্দৰ্ভত আলোকপাত কৰে। লগতে আধুনিক যুগৰ সময়ত এতিয়াও মহিলাসকলে হাতেৰে এৰি আৰু মূগা কাটে। হাতেৰে কটা সময়ত বহুত সময়ৰ প্ৰয়োজন। কিন্তু অত্যাধুনিক মেচিনৰ সহায়ত কম সময়তে বহুত এৰি আৰু মূগা কাটি অধিক স্বাৱলম্বী হব পাৰি। সেয়েহে ৰেচম বোৰ্ডৰ লগত যোগাযোগ কৰি মহিলা সকলে বোৱা, কটাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন ধৰণৰ সা-সুবিধা লাভ কৰিবলৈ আহ্বান জনায়। লগতে মুগা আৰু এড়ি কামত নিয়োজিত হৈ কেনেদৰে উন্নতিৰ পথত আগুৱাই যাব পাৰি তাৰ বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। অনুষ্ঠানত কেন্দ্ৰৰ ক্ষেত্ৰীয় ৰেচম উদ্যোগিক গৱেষণা কেন্দ্ৰৰ প্ৰশিক্ষণ বিজয় বৈশ্যই উপস্থিত প্ৰায় ৫০ গৰাকী মহিলাক মটৰ চালিত সূতা কটা যন্ত্ৰ সহায়ত কেনেদৰে এড়ি আৰু মূগা কাটিব পাৰে তাৰ ওপৰত এটি প্ৰশিক্ষণ দিয়ে।

Leave A Reply

Your email address will not be published.