নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আজাৰাৰ এছ আই আৰ ক’ভিড কেয়াৰ হস্পিতাল পৰিদৰ্শন

ৰাজ্যৰ নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে বিয়লি মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হস্পিতাল , আজাৰাৰ কাহিকুছিস্থিত এছ আই আৰ ডিৰ ক’ভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰে । স্বাস্থ্যমন্ত্ৰী মহন্তই চিকিৎসালয় আৰু ক’ভিড কেয়াৰ চেণ্টাৰৰ অৱস্থাৰ বুজ লৈ চিকিৎসক আৰু বিষয়াৰ লগত আলোচনা কৰে।ইয়াৰোপৰি মন্ত্ৰী গৰাকীয়ে আজাৰাৰ ‘জি আই এম টি ‘ চৌহদত উপস্থিত হৈ ৪০০ খন বিছনাযুক্ত প্ৰস্তাৱিত ক’ভিড কেয়াৰ কেন্দ্ৰটোও পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰী গৰাকীৰ সৈতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ যুটীয়া সচিব কমলজিৎ তালুকদাৰ , কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ( স্বাস্থ্য ) শৰ্মিষ্ঠা বৰা , স্বাস্থ্য বিভাগৰ কামৰূপ জিলাৰ নডেল অফিচাৰ ডাঃ অৰবিন্দ দাসকে ধৰি স্বাস্থ্য বিভাগৰ কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে ক’ভিড নিয়ন্ত্ৰণ কৰা সন্দৰ্ভত চিকিৎসক , স্বাস্থ্য বিষয়া আৰু স্বাস্থ্যকর্মী সকলৰ সৈতেও মত বিনিময় কৰে আৰু তেওঁলোকে প্ৰত্যাহ্বান নেওচিও দিনে নিশাই আক্ৰান্ত ৰোগীক নিৰন্তৰ সেৱা আগবঢ়াই অহা বিষয়টোৰ শলাগ লয় ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*