নগাঁৱৰ তপতজুৰি বনাঞ্চলত মৰ্মান্তিক ঘটনা

২০টাৰো অধিক বনৰীয়া হাতীৰ কৰুণ মৃত্যু

এক হৃদয় বিদাৰক ঘটনাই আজি প্ৰকৃতি প্ৰেমীৰ লগতে সৰ্বসাধাৰণ ৰাইজক মৰ্মাহত কৰি তুলিছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত বামুণী তপতজুৰি পাহাৰৰ বনাঞ্চলত । এই হৃদয় বিদাৰক ঘটনাত ২০ টাৰো অধিক বনৰীয়া হাতীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । এনেদৰে প্ৰায় ২০ টাকৈ হাতী মৃত্যু হোৱা ঘটনাই সকলোকে মৰ্মাহত কৰি তোলাৰ লগতে ৰাইজক স্তম্ভিত কৰি তুলিছে । আনকি বনৰীয়া হাতীৰ এনে মৃত্যুত বন বিভাগৰ লোকসকল শোকত ম্ৰিয়মান হৈ পৰিছে । জানিব পৰা মতে, বৃ্হস্পতিবাৰে পুৱাৰ ভাগত ভিতৰুৱা এই দুৰ্গম এলেকাটোত আজি পুৱা স্থানীয় একাংশ লোকে কেইবাটাও হাতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে। ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰাৰ লগতে মৃত হাতী কেইটা উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰি আছে । উল্লেখ্য যে , নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী উক্ত অঞ্চলটো বনৰীয়া হাতীৰ বাসস্থান হিচাপে চিহ্নিত হৈ আহিছে। বন বিভাগৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা মতে , ব্ৰজপাত পৰাৰ বাবেই এই হাতী কেইটাই কৰুণ মৃত্যুক সাৱটি ল’ব লগা হয় । ব্ৰজপাত কেতিয়া পৰিছিল এই সম্পৰ্কত বন বিভাগে নিশ্চিত নহয় যদিও স্থানীয় সূত্ৰই জনোৱা মতে নিশা হোৱা ব্ৰজপাতৰ ফলতেই হাতী কেইটাৰ মৃত্যু হৈছে। স্থানীয় সূত্ৰ সমূহে জনোৱা মতে আজি কেইবাদিনো ধৰি ভিতৰুৱা এই অঞ্চলটোত ধাৰাবাহিক ভাৱে ব্ৰজপাত আৰু মুষলধাৰ বৰষুণ হৈ আছে। ধাৰাবাহিক ভাৱে হোৱা এই ব্ৰজপাতৰ ফলতেই এই বনৰীয়া হাতী কেইটাৰ মৃত্যু হয়। ঘটনাস্থলীত বন বিভাগৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত হে সমগ্ৰ বিষয়টো পৰিষ্কাৰ হব বুলি বন বিভাগে জানিবলৈ দিয়ে। ইতিমধ্যে ঘটনাস্থলীত বঢ়মপুৰ বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জিতু গোস্বামী আৰু তিৱা স্বায়ত্ব পৰিষদৰ সদস্য মদন বৰদলৈ উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। সংবাদ মাধ্যমৰ আগত জিতু গোস্বামীয়ে জানিবলৈ দিয়ে যে “এনেদৰে কেইবাটাও বনৰীয়া হাতীৰ মৃত্যুত আমি অতিশয় মৰ্মাহত হৈছোঁ। কি পৰিস্থিতিত হাতী কেইটাৰ মৃত্যু হল সেই বিষয়ে অনুসন্ধান কৰা হ’ব।” বন বিভাগে মৃত অৱস্থাত আৰু হাতী পৰি আছে নেকি সেই সম্পৰ্কে অভিযান অব্যাহত ৰাখিছে। হাতী কেইটা ব্ৰজপাতত পৰি মৃত্যু হৈছে নে আন কিবা কাৰণত পৰি মৃত্যু হৈছে সেয়া সঠিক অনুসন্ধানৰ পিছতহে জানিব পৰা যাব ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*