ড° শ্বাহিল ৰফিকৰ নতুন গ্ৰন্থ ‘আপলিফ্ট ইয়ৰ লাইফ’ উন্মোচন

গুৱাহাটী : ড০ শ্বাহিল ৰফিকৰ আপলিফ্ট ইয়ৰ লাইফ’ শীৰ্ষক এখন গ্ৰন্থ ১৬ আগষ্টত উন্মোচন কৰা হয়  ।

ৰাজহুৱা আৰু ব্যক্তিগত দুয়োখন ক্ষেত্ৰতে স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে ইচ্ছুক ব্যক্তিসকলৰ বাবে এই গ্ৰন্থখনে পথ প্ৰদৰ্শকৰ ভূমিকা পালন কৰিব বুলি আশা কৰিছে । 

ড° শ্বাহিল ৰফিকে তেওঁৰ গ্ৰন্থখন উন্মোচনৰ সময়ত মন্তব্য কৰে যে, “আপলিফ্ট ইয়ৰ লাইফে বিশ্বব্যাপী স্বতন্ত্ৰ পৰামৰ্শদাতাৰ জগতখনত নিজকে প্ৰতিষ্ঠিত কৰিব বিচৰা ইচ্ছুক ব্যক্তিসকলৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।”

নগাঁৱত জন্মগ্ৰহণ কৰা ড০ শ্বাহিল ৰফিকৰ এই যাত্ৰা শৈক্ষিক উৎকৰ্ষ আৰু পেছাগত কৃতিত্বৰ এক প্ৰেৰণাদায়ক কাহিনী। ‘ইউনিভাৰ্ছিটি অৱ ৰিডিং’ৰ পৰা কৃষি অৰ্থনীতি বিষয়ত পিএইচডি ধাৰক, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰকল্প ব্যৱস্থাপনা প্ৰতিষ্ঠানৰ পৰা পিএমপি হিচাপে তেওঁৰ এক আকৰ্ষণীয় ট্ৰেক ৰেকৰ্ড আছে। তেওঁৰ শৈক্ষিক যাত্ৰাই তেওঁক স্কুলীয়া শিক্ষা গ্ৰহণ কৰা শ্বিলঙৰ পাহাৰীয়া অঞ্চলৰ পৰা আহি অসম বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰাৰ পথ মোকলাইছিল য’ৰ পৰা তেওঁ পিছলৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।

অৱশ্যে, ড° শ্বাহিল ৰফিক তেওঁৰ সুন্দৰ কেৰিয়াৰৰ জৰিয়তে এগৰাকী অসাধাৰণ ব্যক্তি হিচাপে আত্মপ্ৰকাশিত হৈছে। ৰাষ্ট্ৰসংঘৰ ৱৰ্ল্ড ফুড প্ৰগ্ৰেম এণ্ড দ্য ইণ্টাৰনেশ্যনেল ফাণ্ড ফৰ অগ্ৰিকালচাৰেল ডেভেলপমেণ্ট (আইএফএডি)কে ধৰি শিক্ষা, কৰ্পৰেট ক্ষেত্ৰ আৰু সন্মানীয় প্ৰতিষ্ঠানসমূহৰ মাজেৰে তেওঁৰ যাত্ৰা হৈছে পৰামৰ্শৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ এক প্ৰমাণ। ড° ৰফিকে এছিয়া, দক্ষিণ-পূব এছিয়া, মধ্যপ্ৰাচ্য আৰু আফ্ৰিকাৰ ১২খন ভিন্ন ৰাষ্ট্ৰৰ প্ৰত্যাহ্বানমূলক পৰিৱেশত নিপুণভাৱে কৰ্ম সম্পন্ন কৰি নিজকে এজন বিশিষ্ট স্বতন্ত্ৰ পৰামৰ্শদাতা হিচাপে তেওঁৰ দক্ষতাৰ উজ্জ্বল উদাহৰণ দাঙি ধৰিছে।

এতিয়া বেংগালুৰু আৰু মস্কোত কাৰ্যনিৰ্বাহ কৰি থকা ড° শ্বাহিল ৰফিকে কেৱল এক সমৃদ্ধ পৰামৰ্শদাতাৰ কেৰিয়াৰ গঢ়ি তোলাই নহয়, উচ্চাকাংক্ষী আৰু অভিজ্ঞ পৰামৰ্শদাতাসকলৰ বাবেও সমানে জ্ঞানৰ পোহৰ বিলাইছে। ‘আপলিফ্ট ইয়ৰ লাইফ’ তেওঁৰ দক্ষতাৰ এক প্ৰমাণ, যিয়ে পাঠকসকলক অন্তৰ্দৃষ্টিৰ এক জ্ঞানসমুদ্ৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰে আৰু পৰামৰ্শৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা যিকোনো লোকৰ বাবে প্ৰয়োজনীয় পৰামৰ্শমূলক পাঠৰ পৰামৰ্শ আগবঢ়ায়।

ন’চন প্ৰেছৰ দ্বাৰা প্ৰকাশিত ‘আপলিফ্ট ইয়ৰ লাইফ’ এতিয়া এমাজন আৰু ফ্লিপকাৰ্টত ক্ৰয় কৰিব পৰা যাব। ইয়াৰ উপৰিও ই-বুকখন গুগল প্লে বুকছ আৰু কোবোত পাঠকৰ বাবে উপলব্ধ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*