
দিছপুৰ, ১৬ আগষ্ট : উত্তৰ পূব ভাৰতৰ কৃষি শিক্ষাৰ অগ্ৰণী শিক্ষা প্রতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । মুখ্যমন্ত্ৰীয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাৰিটাকৈ প্ৰকল্পৰো শুভ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম কৃষি বিশ্ববিদ্যালয়ে সৃষ্টি কৰা মানৱ সম্পদে কেৱল অসমতে নহয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অর্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ সৈতে আধুনিক অসমৰ ৰূপকাৰ ভাৰতৰত্ন গোপীনাথ বৰদলৈ জড়িত থকাৰ কথা উল্লেখ কৰি বিশ্ববিদ্যালয়খনৰ ঐতিহাসিক দিশসমূহ তেওঁ আলোকপাত কৰে। তেওঁ কয় যে এই বিশ্ববিদ্যালয়খনে ৰাজ্যৰ কৃষি অর্থনীতিৰ উন্নয়ন সাধনতো গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। ধাৰাবাহিক প্ৰচেষ্টাৰে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামোৰ পূৰ্বৰ ৪১ সংখ্যক স্থানৰ পৰা ১৯ সংখ্যক স্থানলৈ আহিবলৈ সক্ষম হোৱাৰ লগতে ৰাষ্ট্ৰীয় কৃষি শিক্ষা স্বীকৃতি ব’ৰ্ড আৰু ভাৰতীয় কৃষি গৱেষণাৰ দ্বাৰা ২০২১ ৰ পৰা ২০২৬ চনলৈকে এ গ্রেডৰ স্বীকৃতি লাভ কৰি উৎকৃষ্টতাৰ ধাৰা অব্যাহত ৰখাৰ জৰিয়তে কৃষি শিক্ষা আৰু গৱেষণাৰ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে বুলিও তেওঁ কয় ।
Leave a Reply