দখলা পাহাৰসহ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক- দৰ্শনাৰ্থীক

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ কিছু উন্নতি হোৱাৰ পাছত ৰাজ্যত ক্ৰমাৎ স্বাভাৱিক অৱস্থা ঘূৰি অহা পৰিলক্ষিত হৈছে। লাহে লাহে দেশ-বিদেশৰ পৰ্য্যটক বা ভ্ৰমণকাৰী অহা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে, ক’ভিডৰ ভেকচিন নোলোৱালৈকৈ পূৰ্বৰ স্বাভাৱিক পৰিস্থিতি ঘূৰি নাহে বাবে অসম চৰকাৰৰ পৰ্য্যটন বিভাগে ভাৰত চৰকাৰৰ “ভকেল ফৰ লোকেল ” আঁচনিৰ অধীনত স্থানীয় পৰ্য্যটকক উৎসাহিত কৰাৰ বাবে আঁচনি গ্ৰহণ কৰিছে। সেই অনুসৰি ৰাজ্যৰ ভিতৰত এখন ঠাইৰ লোকে আন এখন ঠাইৰ পৰ্য্যটনথলী ভ্ৰমণ কৰে তাৰ বাবে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনকি ইয়াৰ অংশ হিচাপে কিছুদিন আগতে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ তৎপৰতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৱম সংযোজনৰ বুঢ়াচাপৰিৰ পৰা ব্ৰহ্মপুত্ৰৰে কলীয়া ভোমোৰা দলঙক সামৰি শিলঘাটৰ ঐতিহাসিক কামাখ্যা মন্দিৰলৈ River Tourisim অৰ্থাৎ নদী পৰ্য্যটনৰ ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে তাত নদী পৰ্য্যটন আৰম্ভ হৈছে আৰু আগ্ৰহী পৰ্য্যটকেও তাৰ সুবিধা গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰৰে নৌকাচালনা কৰি অঞ্চলটোৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছে। ইফালে গুৱাহাটী মহানগৰীৰ শৰাইঘাট দলঙৰ পৰা পশ্চিমে দখলা পাহাৰলৈ ব্ৰহ্মপুত্ৰৰ প্ৰায় ২০ কিঃমিঃ অংশক সামৰি কলীয়া ভোমোৰা-কাজিৰঙাৰ আৰ্হিত নদী পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ শেহতীয়াভাবে দাবী উৎখাপন হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতা, কাৰ্যকৰী সভাপতি ভৱেশ কলিতা, সম্পাদক হানী ঝানঝাৰী, দখলাৰ অঞ্চলৰ সচেতন লোকসকলৰ লগতে যুৱ সাংবাদিক জিতুমণি দাসকে ধৰি বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী জানিবলৈ দিয়া অনুসৰি পলাশবাৰীৰ পৰা ব্ৰহ্মপুত্ৰসহ দখলা পাহাৰৰ যি নান্দনিক সৌন্দৰ্য তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি । যিকোনো লোককে ব্ৰহ্মপুত্ৰসহ দখলা পাহাৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে। বিশেষকৈ তাত সূৰ্যাস্তৰ সময়ত অষ্টগামী সূৰুজে যি মায়াময় পৰিবেশৰ সৃষ্টি কৰে তাক নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। বিশেষকৈ নৱবৰ্ষৰ প্ৰাকমুহুৰ্তত কিছু সংখ্যক লোকে ব্ৰহ্মপুত্ৰ নদী পাৰ, বালি চৰত বনভোজ খোৱাৰ লগতে আবেলি সময়ত দখলা পাহাৰ, মহাবাহু ব্ৰহ্মপুত্ৰ নদী, সূৰ্য অস্ত যোৱাৰ নানন্দনিক দৃশ্য চোৱাৰ বাবে অসংখ্য লোকৰ সমাগম ঘটে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সুৰক্ষা কৱচ হিচাপে পৰিগণিত হৈ অহা আৰু দক্ষিণ কামৰূপৰ বাণিজ্যিক কেন্দ্ৰস্বৰূপ বিজয়নগৰৰ গাতে লগা দখলা পাহাৰখনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা এক বৃহৎ অঞ্চলক ৰক্ষা কৰি আহিছে । পাহাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত প্ৰতি বছৰে সাত মাঘত সাধু মেলা, শিৱৰাত্ৰীৰ লগতে তিথি পৰ্বত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। সেই অনুষ্ঠানবোৰত হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগম হয়।শৰাইঘাট দলঙৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰৰে মাত্ৰ ২০ কিঃমিঃ নিলগৰ দখলা পাহাৰলৈ অংশ খিনিক নদী পৰ্য্যটনৰ ক্ষেত্ৰহিচাপে গঢ়ি তুলিলে গুৱাহাটীৰ বা বাহিৰৰ পৰা অহা পৰ্য্যটকে তাৰ সুবিধা লৈ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই ২০ কিঃমিঃ অংশত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাক্যক্ষিনী পাহাৰ, কৃষিপ্ৰধান চাপৰি মজলী বা চৰনেহালি আদিও পৰিদৰ্শন বা ভ্ৰমণ কৰিব পাৰিব পৰ্য্যটকে । অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰ্য্যটন বিভাগ বা অসম পৰ্য্যটন উন্নয়ন নিগমে ( এ টি ডি চি ) কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লকক্ষণীয় হ’ব ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*