চানডুবি উৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন

দৃষ্টিনন্দন প্ৰাকৃতিক শোভাৰে পৰিবেষ্টিত চানডুবি বিলক কেন্দ্ৰ কৰি প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে “চানডুবি উৎসৱ” । এই বছৰো ইয়াৰ ব্যতিক্ৰম নঘটিব । অহা নতুনবর্ষৰ পহিলা জানুৱাৰীৰ পৰা ৪ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব চানডুবি উৎসৱ ।  উল্লেখযোগ্য যে চানডুবি উৎসৱক কেন্দ্ৰ কৰি চানডুবি ফটোগ্ৰাফী ফ’ৰামৰ উদ্যোগত এইবেলি এখনি ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এই সন্দৰ্ভত উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি থাকিব । প্ৰতিযোগিতা খন “বায়োডাইভাৰ্চিটি” , “লেণ্ডস্কেপ” আৰু “লাইফষ্টাইল” শীৰ্ষক তিনিটা বিভাগত অনুষ্ঠিত হ’ব । ফটোসমূহ চানডুবি অথবা বিলখনৰ আশে পাশে থকা পৰ্যটন ক্ষেত্ৰৰ হ’ব লাগিব । মোবাইল কেমেৰাৰ ফটো প্ৰতিযোগিতাৰ বাবে গ্ৰহণ কৰা হ’ব । প্ৰতিযোগিতাখনত যোগদানৰ অন্তিম তাৰিখ ২৮ ডিচেম্বৰ । ভৰ্তি মাচুল এশ থকা । সবিশেষ জানিবলৈ ৭০৯৯৪৫০৭৮৭ অথবা ৯৬৭৮৭০৪১৯৬ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তা সকলে আহ্বান জনাইছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*