31 ডিচেম্বৰৰ ভিতৰত কৰ আদায় দিয়াৰ আহ্বান কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ

অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুচিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে কভিড কেন্দ্ৰীক পৰিস্থিতিৰ বহুখিনি উন্নতি সাধন হোৱাৰ পাচত যাবতীয় কৰ কাটল সমুহ আদায় কৰি ৰাজকোষ টনকিয়াল কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে । এই তৎপৰতাৰ অংশহিচাপে কিছুদিন পূৰ্বে কামৰূপ মহানগৰ জিলাত জিলা পৰিবহন বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা, প্ৰৱৰ্তক ) যোগদান কৰা গৌতম দাসে জিলাখনত পঞ্জীয়নভুক্ত যান বাহনৰ গৰাকী সকলক অহা 31 ডিচেম্বৰৰ আগতে বাৰ্ষিক কৰ আদায় দিবলৈ আহ্বান জনাইছে । ইতিমধ্যে “যান বাহন কৰ পৰিশোধ কৰক ,পৰিবহন ব্যৱস্থা সুচল কৰক” এই আহ্বান তথা বাণীৰে বেনাৰ , হৰ্ডিং আৰি বাহনৰ গৰাকী সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । জিলা পৰিবহন বিষয়া গৌতম দাসে বাহনৰ গৰাকী সকলক অহা 31 ডিচেম্বৰৰ ভিতৰত যাৱতীয় কৰ আদায় দিয়া আৰু বাহনৰ নথি পত্ৰ সমূহ আপডেট কৰিবলৈ আহ্বান জনাইছে । অন্যথা অতিৰিক্ত জৰিমনা বা বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰিছে । আনকি যিসকলে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ স্মাৰ্ট কাৰ্ড কৰা নাই তেওঁলোকক 31 ডিচেম্বৰৰ ভিতৰত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়লৈ গৈ অনুজ্ঞা পত্ৰ সমূহ স্মাৰ্ট কাৰ্ডলৈ ৰূপান্তৰিত কৰিবলৈ আহ্বান জনাইছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*