মহানগৰীত গান্ধী জয়ন্তী উপলক্ষে “চাইক্ল’থন ২.০–ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন

ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েচন অফ অসম (ইএমএএ)এ গান্ধী জয়ন্তী উদযাপনৰ দিনটোত গুৱাহাটীত “চাইক্ল’থন ২.০- ইণ্ডিয়া অন দ্য মোভ”ৰ আয়োজন কৰে। য’ত মহানগৰীৰ লোকসকলৰ মাজত এই অনুষ্ঠানৰ জৰিয়তে বাহিৰৰ কাৰ্যকলাপত অন্তৰ্ভুক্তি আৰু চাইকেল চলোৱা সংস্কৃতি গঢ়াৰ এক পদক্ষেপ গ্ৰহণ কৰে।

২০২০বৰ্ষত ভাৰতৰ ইভেণ্ট এণ্ড এণ্টাৰটেইনমেণ্ট এছ’চিয়েচন (ইইএমএ)ৰ দ্বাৰা চাইক্লথন অনুষ্ঠান আৰম্ভ হৈছিল। “চাইক্ল’থন ২.০-ইণ্ডিয়া অন দ্য মোভ” অনুষ্ঠান দেশৰ বহু চহৰত আয়োজন কৰা হয়। এই অনুষ্ঠান আয়োজন হোৱা চহৰসমূহৰ ভিতৰত আছে আজমেৰ, বেংগালুৰু, ভুৱনেশ্বৰ, চণ্ডিগড়, চেন্নাই, কইম্বাটুৰ, দিল্লী, গোৱা, গুৱাহাটী, হায়দৰাবাদ, জয়পুৰ, যোধপুৰ, কন্যাকুমাৰী, কোচি, কলকাতা, কোটা, লক্ষ্ণৌ, মাদুৰাই, মুম্বাই, পুডুচেৰী, ত্ৰিবাথুৰুম, উদয়পুৰ, বিজয়ৱাড়া, ভাইজাগ আৰু ৱাৰাংগল। এই কাৰ্যসূচীৰ জৰিয়তে, ইইএমএ-ৰ লক্ষ্য হৈছে এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত শাৰীৰিকভাৱে সুস্থ থকাৰ ধাৰণাটো প্ৰচাৰৰে জনসাধাৰণৰ মাজত এক ইতিবাচক অনুভূতি অনা।

গুৱাহাটীত আয়োজিত কাৰ্যসূচীটোত অসম চৰকাৰৰ এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই ফ্লেগ অফ কৰে। তেওঁৰ সৈতে উপস্থিত থাকে ইভেণ্ট মেনেজমেণ্ট এছ’চিয়েন অফ অসমৰ সভাপতি মানস কুমাৰ শৰ্মা আৰু সমাজসেৱী আৰু উদ্যোগী ৰাঘৱ চান্দা। অনুষ্ঠানটোত ১০০ তকৈও অধিক চাইকেল চলোৱা উৎসাহী লোকে অংশগ্ৰহণ কৰিছিল।

ফ্লেগ অফ অনুষ্ঠানত ভাষণ দি দেৱজিৎ শইকীয়াই কয়, “এনে অনুষ্ঠান আয়োজন কৰাৰ বাবে মই ইএমএএক ধন্যবাদ জনাইছো। কিয়নো এই সময়ছোৱাটো সকলোৰে বাবে কঠিন। যাৰ মাজেৰে সকলোৱে পাৰ হৈ গৈ আছে। তেওঁ আশা প্ৰকাশ কৰি কয় অনুষ্ঠানটোৱে জনতাক অনুপ্ৰাণিত কৰিব।”

একেদৰে মানস কুমাৰ শৰ্মাই কয়-“এইটো প্ৰত্যক্ষ কৰাটো ইমান ৰোমাঞ্চকৰ যে মানৱজাতিৰ ইতিবাচকতা আৰু শক্তিৰ ওপৰত থকা অটুট বিশ্বাস আজিৰ অনুষ্ঠানত অংশলোৱা বহুতো অংশগ্ৰহণকাৰীৰ জৰিয়তে প্ৰতিধ্বনিত হৈছে। আজি পৃথিৱীয়ে হয়তো এক মুহূৰ্তৰ বাবে ষ্টপঅভাৰ গ্ৰহণ কৰিছে, কিন্তু এইটো শেষ নহয়।”

এই অনুষ্ঠানটোত সমৰ্থন আগবঢ়াই শুভম এম্পোৰিয়া, ইণ্ডিয়ান ৰেডক্ৰছ চ’ছাইটি, পেজ৩ ডিজে একাডেমী, মাখন ভোগ, ষ্ট্ৰীমি, এইচএমভি ষ্টুডিঅ,ৰোটাৰী ক্লাব অফ গুৱাহাটী লুইট।

সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ বাবে চাইকেল চলোৱাটো এক সৰ্বশ্ৰেষ্ঠ উপায়। এইটো উন্মাদনা যিয়ে ফিটনেছক ধেমালিৰ সৈতে একত্ৰিত কৰে আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুমতি দিয়ে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*