“কাব্য চৰ্চা, সাহিত্য চর্চাৰ সতে জড়িত লোকসকল গাখীৰৰ দৰে পবিত্ৰ হ’ব লাগে । শব্দৰ খেল-খেলি ভালপোৱা কবিসকলে সাৰ্থক সৃষ্টি কৰিব পাৰে । এজন লেখকে গ্ৰন্থ প্ৰকাশেৰে ঈশ্বৰৰ ওচৰলৈ যাব পাৰে । দক্ষিণ কামৰূপৰ বাটৰহাটস্থিত ৰাজহুৱা সভাগৃহত আভিজাত্য প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত কবি, সাহিত্যিক পদ্মৰাম নাথৰ কাব্যগ্ৰন্থ “বন্দিত্বৰ স্বাধীনতা” উন্মোচন কৰি বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীবী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে এনেদৰে ভাষণ প্ৰসঙ্গণ মন্তব্য কৰে । । বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা আন্তর্জাতিক খ্যাতিসম্পন্ন কবি দিলস লক্ষ্মীন্দ্ৰ সিংহই মুখ্য অতিথিৰ ভাষণত কয়- সমন্বয়-সংহতিৰ এনাজৰি ডাল নিকপকপীয়া কৰিবৰ বাবে কবি-শিল্পী- সাহিত্যিকসকলে অহৰহ চেষ্টা কৰিব লাগে । সাহিত্য যুগে যুগে বৰ্তি থাকিব বুলি ভাষণত উল্লেখ কৰে । নাৰী সৱলীকৰণ, যুৱতীৰ আত্মবিশ্বাস বৃদ্ধি আমেৰিকাৰ বেণ্ড এম্বেচাডৰ তথা নাৰীবাদী লেখিকা কিৰণ বড়োই বিশিষ্ট অতিথিৰ ভাষণত প্ৰসঙ্গত বেদনা যদি থাকে তেতিয়া মানদণ্ডযুক্ত কবিতা, গল্প, উপন্যাস আদি সৃষ্টি কৰিব পাৰে । ইতিহাসত যিবোৰ উৎকৃষ্ট সাহিত্য সৃষ্টি হৈছে, ইয়াৰ সৰহভাগ ৰচনাৰাজিত খাটি খোৱা, চহা জীৱনৰ ছবি প্ৰকাশ পাইছে । পদ্মৰাম নাথৰ কবিতাটো তেনেকুৱা কথাই ঠাই পাইছে বুলি মন্তব্য কৰে । অনুষ্ঠানত দৈনিক জনমভূমি কাকতৰ গুৱাহাটীস্থিত সাংবাদিক কিশোৰজ্যোতি শৰ্মা, সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি (আজু) ৰ সভাপতি মনোৰঞ্জন ভট্টাচার্য, বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক গৌৰীকান্ত নাথে বিশিষ্ট অতিথিৰ ভাষণত আজিৰ ইতিবাচক অনুষ্ঠানটিয়ে ৰেখাপাত কৰা বুলি কয় । সদৌ অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি তথা বিশিষ্ট পদার্থ বিজ্ঞানী অৰুণ চন্দ্ৰ শৰ্মাই সভা সঞ্চালনা কৰি কয়- সঠিক সময়ত সঠিক সাহিত্য সৃষ্টি কৰি কবি, সাহিত্যিক সকলে সমাজৰ দিক দৰ্শন দিব লাগে। সমাজ সংস্কাৰত কবি, সাংবাদিক, সাহিত্যিকৰ দায়িত্ব অনেক । উক্ত অনুষ্ঠানত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক যোগেশ কুমাৰ কলিতা, দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সভাপতি তিলক চন্দ্ৰ গোস্বামী, ৰামপুৰ উচ্চতৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত দাস, প্ৰাক্তন উপাধ্যক্ষ যোগেশ নাথ, অসম বাণীৰ সাংবাদিক পংকজ কলিতা, ভাগৱতীপাৰা সাহিত্য সভাৰ সম্পাদক ৰমেশ চন্দ্ৰ শৰ্মা, ৰামধেনু যুগৰ কবি হৰেন্দ্ৰপতি গোস্বামী, অৰ্চনা হীৰা, লেখক লালচৰণ দাস প্ৰভৃতি ডেৰ শতাধিক কবি,সাহিত্যিক, সাংবাদিক, শিল্পী আদি উপস্থিত আছিল ।
Leave a Reply