অসমৰ হাজোত স্থাপন হ’ব দেশৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয়

ৰাজ্যৰ বাহিৰত থাকিও ৰাজ্যখনৰ কল্যাণৰ বাবে যিসকলে নীৰৱে কাম কৰি আছে তেওঁলোকৰ ভিতৰত অন্যতম হ’ল শকুন্তলা দলে গামলিন। অসম জীয়ৰি আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত জাৰবম গামলিনৰ সহধৰ্মিনী শকুন্তলা দলে গামলিনে বৰ্তমান ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দিব্যাংগ বিভাগটো ঐই মন্ত্ৰালয়ৰ অধীনত আছে। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮৪ বেটছৰ আৰু অসমৰ মিচিং জনগোষ্ঠীৰ প্ৰথমগৰাকী মহিলা আই.এ.এছ বিষয়া হোৱাৰ বিৰল সন্মান লাভ কৰা শকুন্তলা দলে গামলিনে ২০১৭ চনৰ শেষৰ পৰা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ সাধ্যনুসাৰে মাতৃভূমি অসমলৈ নীৰৱে সেৱা আগবঢ়াই আহিছে। শেহতীয়াভাৱে শকুন্তলা দলে গামলিনৰ বিশেষ তৎপৰতা অৱলম্বন কৰি অসমত দেশৰ ভিতৰত প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় স্থাপনৰ বাবে প্ৰস্তুতি চলাইছে। ৰাজ্য চৰকাৰেও বিষয়টোত আগ্ৰহ প্ৰকাশ কৰি ইয়াৰ বাবে কামৰূপ জিলাৰ হাজোত প্ৰয়োজনীয় মাটি দিয়া হ’ব বুলিও মন্ত্ৰনালয়ক অৱগত কৰিছে। প্ৰস্তাৱিত দিব্যাংগ বিশ্ববিদ্যালয়খন স্থাপন হলে ইয়াৰ স্নাতক, স্নাতকোত্তৰ পাঠ্যৰ্ক্ৰমৰ লগতে কেইবাটাও বিষয়ত গৱেষণা কৰাৰ সুবিধা থাকিব। অৱশ্যে কামৰুপ জিলাৰ হাজোত স্থাপন হ’বলগীয়া প্ৰস্তাৱিত দিব্যাংগ বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে ৫০ একৰ ভুমি আৱণ্টন দিছে। কিন্তু বিশ্ববিদ্যালয়খনৰ বাবে ১৫০ একৰ ভুমিৰ প্ৰয়োজন বুলি শকুন্তলা দলে গামলিনে জানিবলৈ দিয়ে। শকুন্তলা দলে গামলিনে সদৰি কৰা অনুসৰি বিশ্ববিদ্যালয়খনত ঘাইকৈ দিব্যাংগসকলে ভোগ কৰি অহা শাৰিৰীক দুৰ্বলতা, অক্ষমতা আদি দূৰ কৰাৰ বাবে অধ্যায়ণৰত শিক্ষাৰ্থীসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। পঠ্যক্ৰম সমূহ বিজ্ঞান সন্মত আৰু গৱেষণাৰ ব্যৱস্থা কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক সাহাৰ্যত স্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়খনৰ বাবে অহা জানুৱাৰী মাহত হাজোত ৰাজহুৱা মতামত গ্ৰহণ কৰা হ’ব। তাৰ পিছত বিষয়টো কেন্দ্ৰীয় কেবিনেটত উত্থাপন কৰি সংসদত গৃহীত কৰা হ’ব। সংসদত গৃহীত হোৱাৰ পিছত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হ’ব। লক্ষণীয়ভাৱে শকুন্তলা দলে গামলিনৰ বিশেষ তৎপৰতাত আৰু ৰাজ্য চৰকাৰৰ আগ্ৰহত স্থাপন হবলগীয়া দিব্যাংগ বিশ্ববিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ হলে বিশ্বৰ দিব্যাংগ বিশ্ববিদ্যালয়ৰ মানচিত্ৰত অসমৰ হাজোৱে স্থান লাভ কৰিব। তেনেদৰে দেশৰ প্ৰথমখন দিব্যাংগ বিশ্ববিদ্যালয় হোৱা বাবে ভাৰতৰ সকলো ৰাজ্যৰ লগতে দক্ষিণ পূৱ এচিয়াৰ কেইবাখনো দেশৰ শিক্ষাৰ্থীয়ে ইয়াত অধ্যয়ণ কৰিবলৈ অহাটো নিশ্চিত। উল্লেখ্য যে, গুৱাহাটীৰ গণেশগুৰি কছাৰীবস্তিৰ বাসিন্দা তথা মিছিং জনগোষ্ঠীৰ প্ৰথমগৰাকী সাংসদ, মন্ত্ৰী প্ৰয়াত ললিত কুমাৰ দলেৰ কনিষ্ঠা কন্যা শকুন্তলা দলে গামলিনে ২০১৬-১৭ চনত অৰুণাচল প্ৰদেশৰ মূখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে অহোপুৰুৰ্ষাৰ্থ কৰা শকুন্তলা দলে গামলিনে মুখ্য সচিব হৈ থকাৰ সময়তে অসম সীমান্তৰ সমীপৱৰ্তী অৰুণাচলৰ হোলোংগীত ৰাজ্যখনৰ প্ৰথমটো অসামৰিক বিমান বন্দৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল‌। বৰ্তমান বিমান বন্দৰটোৰ নিৰ্মাণকাৰ্য দ্ৰুতগতিত চলি আছে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*