এছ অ এছ শিশুগ্রামৰ শিশুক এন চি চি কেডেটৰ সামগ্ৰী প্ৰদান

ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ৰ বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ কেডেট সকলে বাহিনীটোৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে আজি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মিৰ্জাপুৰস্থিত এছ অ এছ শিশুগ্রামত শিশু সকলৰ খোৱাপানী বিশুদ্ধকৰণৰ বাবে একুৱা গাৰ্ড আৰু গৰমত সকাহ দিয়াৰ বাবে দুখন চিলিং ফেন বিতৰণ কৰে । বিতৰণ অনুষ্ঠানত ৫০ আসাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন চি চি ইউনিটৰ কমাণ্ডিং অফিচাৰ গ্ৰুপ কেপ্তেইন ৰাজীৱ বিষ্ণয় , জুনিয়ৰ ৱাৰেণ্ট অফিচাৰদ্বয় জয় কৃষ্ণা আৰু চি আৰ আজেশ , এ এম আই পুষ্পন্দ্ৰ বৰকটকী , চেণ্ট ক্লাৰেট স্কুলৰ এ এন অ অৰ্চনা দাস , এছ অ এছ শিশুগ্রামৰ সঞ্চালক সুবোধ দাস উপস্থিত থাকে । আনহাতে এন চি চি ৰ বিষয়া আৰু কেডেটৰ দলটোৱে শিশুগ্রামৰ শিশু সকলৰ গৃহ পৰিদৰ্শন কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*