ধাৰাপুৰ টাইকোৱানডো একাডেমিৰ সাফল্য

মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো একাডেমিয়ে বৰপেটা জিলাত যোৱা ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাত  অংশগ্ৰহণ কৰি বিজয়ী হৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ হৈ মৃদুস্মিতা কলিতাই সোনৰ পদক , দ্বীপ কলিতাই ৰূপৰ পদক , গৌতম দাসে ৰূপৰ পদক , বাৰ্বি কলিতাই ব্ৰঞ্জৰ পদক , কৌস্তুভ প্ৰতিম ঠাকুৰীয়াই ব্ৰঞ্জৰ পদক ,  ৰিম্পী দাসে ব্ৰঞ্জ পদক আৰু ৰিংকু কলিতাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ উপৰিও প্রতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো একাডেমীয়ে শ্রেষ্ঠ দল হিচাবে বিবেচিত হয় । বৰপেটাৰ পৰা উভতি অহাৰ পিছত আজি ধাৰাপুৰ স্কুল খেলপথাৰত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস আৰু ধাৰাপুৰ তালুকে আদৰণি জনায় । প্ৰতিযোগী সকলৰ সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ নাগৰিকে সন্তোষ প্ৰকাশ কৰিছে । 

Be the first to comment

Leave a Reply

Your email address will not be published.


*