সমাগত উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা অসম জাতীয় পৰিষদৰ

এ.আই.ইউ.ডি.এফক লগত নাৰাখে আঞ্চলিক দলটোৱে

ৰাজ্যত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰক্ষেপৰ পোষকতা কৰিব অসম জাতীয় পৰিষদে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত উমৈহতীয়া প্ৰাৰ্থীৰ চিন্তা কৰিব। মাত্ৰ এ.আই.ইউ.ডি এফৰ লগত নাথাকে আঞ্চলিক দলটো। অৱশেষত সুৰ সলনি হ’ল অসম জাতীয় পৰিষদৰ। যোৱা বিধান সভা নিৰ্বাচনত এখনো আসন লাভ কৰিব নোৱাৰা দলটোৱে এইবাৰ অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ পোষকতা কৰিব। পলাশবাৰীৰ অজাপ নেতা পংকজলোচন গোস্বামীৰ পত্নী প্ৰণীতা গোস্বামীৰ বিয়োগৰ খৱৰ ল’বলৈ আহি আঞ্চলিক দলটোৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ সৈতে সম্পাদক জগদীশ ভূঞাই এই কথা প্ৰকাশ কৰে। মাত্ৰ এ.আই.ইউ.ডি.এফক আতৰত ৰাখিব লাগিব। এ. আই.ইউ.ডি.এফক বাদ দি বিজেপি বিৰোধী সকলো দলৰ লগত থাকিব আঞ্চলিক দলটো। বিজেপিয়ে নিজৰ নিশ্চিত ৬৫ খন আসন হোৱাৰ পিছত অগপ আৰু ইউ.পি.পি.এল এলাগী হ’ব বুলিও মন্তব্য কৰে। আনহাতে, সভাপতি লুৰিণ জ্যোতি গগৈয়েও নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ আহ্বান জনায়। নিৰ্বাচনৰ পূৰ্বে সীমা চেৰাই গৈ দিয়া প্ৰতিশ্ৰুতি পালন নকৰা মিথ্যাচাৰী চৰকাৰখনৰ প্ৰতি ৰাইজ সজাগ হোৱা সময় হ’ল বুলিও মন্তব্য কৰে। যোৱা বিধান সভা নিৰ্বাচনত এখনো আসন লাভ নকৰা আঞ্চলিক দলটোৱে এইবাৰ উপ নিৰ্বাচনত বিজেপি বিৰোধী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচৰা বিষয়টো আন দলবোৰে কিদৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ’ব।

Be the first to comment

Leave a Reply

Your email address will not be published.


*