আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEyeৰ প্ৰাৰম্ভণি

আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডে ভাৰতত তেঁওলোকৰ বহু প্ৰত্যাশিত চছমাৰ প্লেটফৰ্ম EyeMyEye ৰ প্ৰাৰম্ভণি কৰিবলৈ ইয়াৰ প্ৰতিষ্ঠাপক আৰু নিৰ্বাচিত এইচ. এন. আইৰপৰা ছীড ফাণ্ডিঙৰ জৰিয়তে 1.5 মিলিয়ন ডলাৰ (10 কৌটি) তকৈ অধিক মূলধন সংগ্ৰহ কৰিছে । চছমাৰ বজাৰখনত ইয়াৰ বাবে সুবিধা সৃষ্টি কৰাৰ দৃষ্টিৰে আনভিধা টেকন’ল’জিছ প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু চি. ই. ও. মিষ্টাৰ গণেশ আয়াৰৰ নেতৃত্বত তেঁওলোকে EyeMyEye মুকলি কৰিছে । এই মূলধন ভাৰতত ব্যৱসায়টো সম্প্ৰসাৰণ কৰা আৰু এক শক্তিশালী আৰু নিৰ্ভৰযোগ্য ওমনী চেনেল প্লেটফৰ্ম নিৰ্মাণ কৰাত ব্যৱহৃত হ’ব ।
‘মেড ইন ইণ্ডিয়া’ সামগ্ৰীৰ জৰিয়তে EyeMyEye এ বহুল পৰিসৰৰ ইন-হাউছ কালেকশ্যন আৰু আন্তৰাষ্ট্ৰীয় ব্ৰেণ্ড আগবঢ়ায় । পুৰুষ, মহিলা আৰু জ্যেষ্ঠসকলৰ বাবে প্ৰসিদ্ধ ডিজাইনসমূহৰ উপৰিও প্লেটফৰ্মটোৱে শিশুৰ বাবে সুসজ্জিত চছমা আৰু ছানগ্লাছৰে যুৱচামৰ আৱশ্যকীয়তা দূৰ কৰিব বুলি প্ৰকাশ কৰিছে । ব্ৰেণ্ডটোৰ গুৰুগ্ৰামত থকা 70,000 বৰ্গফুটৰ গুদাম তথা কাৰ্যালয়ে প্ৰতিদিনে 5000 তকৈ অধিক অৰ্ডাৰ যোগান ধৰিব বুলি উল্লেখ কৰিছে ।

প্ৰাৰম্ভণিৰ ওপৰত মন্তব্য কৰি আনভিধা টেকন’ল’জিছৰ প্ৰতিষ্ঠাপক আৰু চি. ই. ও. মিষ্টাৰ গণেশ আয়াৰে কয় যে,” EyeMyEye ৰ প্ৰাৰম্ভণি আমাৰ বাবে উল্লেখযোগ্য ৰূপায়নৰ এক মাইলৰ খুঁটি । আমাৰ দলটোৱে এই অতিমাৰীৰ মাজত অখিল ভাৰতীয় প্ৰাৰম্ভণি সম্ভৱ কৰি তুলিছে, যিটো অধিক প্ৰশংসাৰ যোগ্য। আমি নিম্নতম ব্যৱসায়িক প্ৰচেষ্টাৰে প্ৰাৰম্ভিক দিনটোতেই 6300 তকৈ ছাইন-আপ আৰু 500+ অৰ্ডাৰ লাভ কৰিছোঁ । বৰ্তমান আমি দৈনিক 300+ অৰ্ডাৰ লাভ কৰি আছোঁ, যিটো অতি ৰোমাঞ্চক ।

Be the first to comment

Leave a Reply

Your email address will not be published.


*