গুৱাহাটী
: উত্তৰ পূৱৰ আগশাৰীৰ চিমেন্ট কোম্পানী টপচেমে আনন্দৰ ভাগ বতৰা কৰাৰ প্ৰতিশ্ৰুতি অব্যাহত ৰাখি বৃদ্ধাশ্ৰম আৰু শাৰীৰিকভাবে সক্ষম শিশুৰ সৈতে ২০২১বৰ্ষৰ বহাগ বিহু উদযাপন কৰে।
টপচেম চিমেন্টে বিগত বছৰৰ দৰে আকৌ এবাৰ বৃদ্ধাশ্ৰম, অনাথ আশ্ৰম আৰু কল্যাণকামী প্ৰতিষ্ঠানত বহাগ বিহু উদযাপন কৰে।বহাগ বিহু এক উৎসৱ, যাক আমি সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি থাকোঁ। টপচেম চিমেণ্টে আনন্দ আৰু সুখ ভাগ বতৰা কৰি অনাথ আশ্ৰম আৰু কল্যাণকামী প্ৰতিষ্ঠানত বহাগ বিহু উদযাপন কৰে।
টপচেম চিমেন্টে গুৱাহাটীৰ অম্বিকাগিৰি নগৰস্থিত আমাৰ ঘৰ, হাতীগাঁওস্থিত মাদাৰ ওল্ড এজ হোম, বিৰুবাৰীস্থিত শিশু সাৰথিত আচবাব সামগ্ৰী বিতৰণ কৰাৰ লগতে কামৰূপ(গ্ৰাম্য) জিলাৰ বকোস্থিত আশাদীপ ৰিহেবিটিছন কেন্দ্ৰ (Ashadeep Rehabilitation Centre), আৰু গুৱাহাটীৰ মানস জ্যোতি মেমোৰীয়েল ওল্ড এজ হোমত চিলিং- ষ্টেণ্ড ফেন বিতৰণ কৰাৰ বিপৰীতে মহানগৰীৰ কাহিলীপাৰাস্থিত চেনেহ ওল্ড এজ হোমত খাদ্য সামগ্ৰী বিতৰণ আৰু নুনমাটিস্থিত অসম অটিজম (Autism) ফাউণ্ডেচনত চিলাই মেচিন বিতৰণ কৰে।
Leave a Reply