পৰিচালন সঞ্চালকৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ উভতগৰে নাচিছে অসম মীন উন্নয়ণ নিগমৰ কৰ্মচাৰী গণেশ বড়োয়ে । টাইপিষ্ট হিচাপে নিযুক্ত হৈ বড়োৱে মাথো ৬ মাহত অধীক্ষক হিচাপে পদোন্নতি পাবলৈ সক্ষম হৈছে।মীন বিভাগৰ বৰমুৰীয়াৰ আশীষধণ্য কৰ্মচাৰী জনৰ অতপালিত অতিষ্ঠ হৈ পৰিছে বিভাগীয় বিষয়া- কৰ্মচাৰী ।সকলোকে অতি কটু ব্যৱহাৰে কৰ্মচাৰীজনে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।কাৰ্য্যলৈয়োলৈও তেওঁ সময় মতে নাহে।নিজ ইচ্ছা মতে অহা যোৱা কৰে। আনকি বেয়া ব্যবহাৰৰ বাবে তেওঁ বিভাগৰ ওচৰত জবাবদিহি হবলগীয়া হৈছে।হলেও নিজৰ ময়মতালি খটুৱাই বিভাগীয় নিবিদাক লৈও কেলেংকাৰীত লিপ্ত হোৱাৰ অভিযোগ উঠিছে।বিশেষকৈ যি সময়ত সমগ্ৰ ভাৰতত ডিজিটেল পদ্ধতিৰ জৰিয়তে নিবিদা আহ্বান কৰা হয়, সেই সময়ত মীন নিগমৰ নিবিদা আহ্বান কৰা হয় পৰম্পৰাগত পদ্ধতিৰে।বহু সময়ত নিবিদা আহ্বানকাৰি প্ৰতিস্থানৰ নথি হেৰুৱাই পেলাই নাইবা লুকুৱাই থৈ মোহলদাৰ- ঠিকাদাৰ সকলক শলঠেকত পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।এক কথাত কবলৈ গলে গণেশ বড়োৰ দোপ দোপনিত দিশহাৰা হৈ পৰিছে মোহলদাৰসকল। সেয়ে অনতিপলমে গণেশ বড়োৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাৰে বাট চাইছে।
Leave a Reply