কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগত ৰাসায়নিক সাৰৰ সুসংহত প্রয়োগ শীর্ষক ভাৰ্চুৱেল আলোচনাচক্র

0

স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্রীয় চৰকাৰৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদে সমগ্ৰ দেশতে সুসংহত প্রয়োগ শীর্ষক কৃষক জাগৰণ আলোচনাচক্র আয়োজন কৰিছে। ইং ১৮ জুন ২০২১ তাৰিখে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত কাঁহিকুছিৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্রৰ উদ্যোগতো পথাৰ শস্য বিশেষজ্ঞ ৰিজৱানুল হেলিমে আঁত ধৰা এই অনুষ্ঠানটিত উদ্বোধনী ভাষণ আগবঢ়াই কৃষি বিজ্ঞান কেন্দ্রৰ মুৰববী ড° ধীৰেন কলিতাই। আলোচনীত মূখ্য অতিথি হিচাপে আই. চি. এ.আৰ. আটাৰীৰ সঞ্চালক ড° এ. কে. এিপাঠীয়ে এই বিষয়ৰ বিভিন্ন দিশসমূহ উনুকিয়াই ভাষণ প্ৰদান কৰে। এই আলোচনাত সমল ব্যক্তি হিচাপে আছিল ইফক’ কোম্পানিৰ খণ্ড প্ৰৱন্ধক অজিত ভট্টাচার্য। এই অনুষ্ঠানত কৃষক, কৃষি বিষয়া, এ. এছ. আৰ. এল. এম. ৰ বিষয়া, কৃষি সখী, এফ. পি. চি.ৰ সদস্য আদি ৬৩ জন উপস্থিত আছিল। হেলিম ডাঙৰীয়াই সেউজ সাৰ আৰু জৈৱিক সাৰৰ পৰীক্ষাগাৰ পৰিদৰ্শন কৰোৱাৰ লগতে সাৰৰ ব্যৱহাৰ বিষয়ে বিতং আলোচনা কৰে। এই আলোচনাত কৃষি বিজ্ঞান কেন্দ্রৰ সমূহ বিজ্ঞানী , কৰ্মকৰ্তা উপস্থিত আছিল। মীন বিশেষজ্ঞ পৰাগ শইকীয়াই শেষত শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.