দীনেশ চন্দ্র দত্তৰ নাট্য সংকলন মৰা মানুহৰ মালিতা আৰু অন্য নাট উন্মােচন
চৰকাৰী পেন্সনাৰ সন্থা, অসমৰ গুৱাহাটী শাখাৰ সাহিত্যচ’ৰাত প্রবীণ নাট্যশিল্পী দীনেশ চন্দ্র দত্তৰ সদ্য প্রকাশিত নাট-সংকলন ‘মৰা মানুহৰ মালিতা আৰু অন্য নাট’ আজি গুৱাহাটী পেন্সনাৰ ভৱনত সাহিত্যিক পেন্সনাৰ তথা সাহিত্যচ’ৰাৰ সভাপতি চফিউৰ ৰহমান শইকীয়াৰ সভাপিতত্বত অনুষ্ঠিত সভাত বিশিষ্ট গৱেষক পণ্ডিত, লেখক, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° সূর্য দাসে উন্মােচন কৰে। অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত আছিল প্রসিদ্ধ গীতিকাৰ, কবি, লেখক কীর্তি কমল ভূঞা। সভাত নাট্যশিল্পী ভূপেন বৰকটকী, বিশ্বজিৎ ওজা, সাহিত্য-চ’ৰাৰ উপদেষ্টা তথা পেন্সনাৰ সন্থাৰ ৰাজ্যিক সভাপতি ধনীৰাম তালুকদাৰেও গ্রন্থখন আৰু লেখক সন্দৰ্ভত চমু ভাষণ দিয়ে। গ্রন্থ উন্মােচনৰ আগে আগে নাট্যকাৰ দত্তৰ প্রয়াত মাতৃৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনােৱা হয়।সভাত শিল্পী-অভিযন্তা ৰূপম দাসে আঁতধৰা গ্ৰন্থ উন্মােচন অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় প্রতিষ্ঠিত শিল্পী অপর্ণা দত্তচৌধুৰীয়ে।